তপত খৱৰ
তপত খৱৰ
কুউউউউউ..... পাইলটে হৰ্ন বজাই দিছে। উপায় নাই এমাহ মান আগৰ পৰাই অত ত'ত জেক লগাই ফটা এক্সপ্ৰেচৰ ইন্জিনৰ ভিতৰত বহিছেহে কোনোমতে। দুবাৰমান মিটবিহিন মীট পাতিম বুলি ধমকনিও দিছে। তাৰপিচত অ'হিংসাহে পৰম ধৰ্ম বুলি বুটৰডাইলৰ লগত লুচি খুৱাম বুলি আপলোডোৱাৰ দিনাৰ পৰাই এটাও লেখনি নোপোৱা হৈছে। ইফালে ফটা এক্সপ্ৰেচৰ ডিপাৰ্চাৰ টাইম আহি পোৱাত লগে লগে দিপামেডামকে চাৰ বুলি মাতি মাতি ডিলে কৰাই আছে। সিফালে হেকাদাইও ডেডলাইন ডেডলাইন বুলি ধমকি দি আছে। এইবাৰ পাইলটে লাইনৰ পোস্টৰ আগত ডেড হৈ যোৱা বেটাৰীটো থৈ এটা ছেল্ফী তুলি আপলোডাই দিলে। হেনশুনি পদূলিশুঙা চকুচৰহা পৰমাণু মহন্তই বেয়া বেয়াকৈ পোস্টাই দিলে। গোলাপী গেঙেও এই সুযোগতে ব্ৰহ্মবাজন দিও বুলি ধাণ্ডা কৰোতেই কোনোমতে শ্ৰী বিজয়ে শকুনিৰ ভাও এৰি মন্থৰাৰ ভেজৰোলটো লৈ ল'লে। পাইলটে বুজি পালে যে এয়া ৰামায়ণ পঢ়ি মহাভাৰতৰ কাহিনী কোৱাৰ নিচিনাহে হৈ গৈ আছে। ইফালে সেয়ে স্টেচনতে পোৱা পকৰি আৰু টেঙা ছকলেট চোৱাই চোৱাই পাইলটে আহি ব্ৰেক মাৰি মাৰি আদাবাৰী, আদাবাৰী খালী গাড়ী গাড়ী বুলি পেপাই আছে। সেয়েহে অনুগ্ৰহ নকৰিলেও ৰাইজে ফটা এক্সপ্ৰেচৰ খালী ছিট কেইটা ভৰি যাব পৰাকৈ ব্যৱস্থা কৰক। নহ'লে কথা বিষম হব পাৰে বুলি ইতিমধ্যে অবিস্বাসযোগ্য সূত্ৰৰ পৰা উৰাবাতৰি প্ৰকাশ হৈছে। বি. দ্ৰ. জনহিতাৰ্থে এই বাতৰি প্ৰকাশ পোৱাৰ দুদিনৰ ভিতৰতে পাইলটৰ টয়লেট যাবলৈও সময় নোহোৱা হব বুলি আংকুলৰ সমীক্ষাত পোৱা গৈছে।

Comments
Post a Comment