মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ) (৬) শব্দৰ মিতব্যয়িতা আৰু পেৰাগ্ৰাফ বা শব্দৰ নিৰৱধী গুনটো সন্তুলিত কৰি ৰখাৰ কায়দা যদি কোনোৱে শিকিব খোজে তেন্তে ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ যিকোনো এখন কিতাপৰ যিকোনো এটি পৃস্ঠা তুলি ল'লেই হৈ গ'ল। মোৰ দৃস্টিত তেখেতৰ নিচিনা প্ৰতিভাক জুখি চাবলৈ, তেখেতৰ যিকোনো পুথিৰ এখিলা পাত পঢ়ি বুজিব যদি পাৰিছো, তেন্তে অন্য আহিলা বা সঁজুলিৰ প্ৰয়োজন নাই। এইজনা মনিষীৰ অন্য এক দিশ মই অলপতে পঢ়িব পাইছিলো, এই সুযোগতে সেইখিনি কথা লিখিব লৈছো, ( অচিন লেখক জনলৈ ইয়াতেই অনুমতি বিচাৰিছো।) আৰোহণৰ ঘৰটো সাজি থকা সময়ৰ কথা হেনো। মিস্ত্ৰী কেইজন সেই অজ্ঞাত লেখকৰ ভাড়াঘৰৰ ওচৰতে থাকিছিল। এদিন সন্ধিয়া মিস্ত্ৰী কেইজনে ৰাতিৰ সাজ খাবলৈ তেখেতক মাতিলে। কথাৰ মাজতে ক'লে যে সদায় সিহঁতে কাম কৰোতে দহ- পোন্ধৰ মিনিট সময় অতিৰিক্ত কৰি দিছিল, কিবা কিবি কাৰনত, কোনেও জোৰ কৰা নাছিল। যিদিনা সিহতক কামৰ পইচা দিলে, তেতিয়া দেখিলে যে অলপ পইচা বেচিকে দিছে। মিস্ত্ৰী কেইজনে হিচাপত ভুল হোৱা বুলি কোৱাত এই মহান মনিষী গৰাকীয়ে ক'লে যে হিচাপ থিকেই আছে। মাত্ৰ সিহঁতে সদায় কৰা অতিৰিক্ত দহ- পোন্ধৰ মিনিটৰ হিচাপ মতে...
Comments
Post a Comment