অনুৰণন
অনুৰণন
(ক)
প্ৰতি দিনে তুমি আহি দিয়া এপাহি ফুল। অ' জীৱন তুমি ৰহনীয়া ৰঙৰে বোল। গুনগুনাই আছে খিড়িকীৰ পৰ্দাখন। হালি জালি নাচি আছে কেলেন্ডাৰৰ পাত তিনিখিলা। বেৰখনত শব্দ কৰি আঘাট কৰাৰ ফলত ঈষৎ দুৰ্বলৰেখা এডাল যেন নিৰ্মিয়মান অৱস্থাত ৰৈ আছে। সুবিধা পালেই যেন দেৱালখনত নিজৰ স্বাক্ষৰ লিখি দিব কেলেন্ডাৰৰ পাতল বাউডালে। হাতত থকা টাৱেলখনেৰে ঠাইখিনি অকনমান মোহাৰিলে চান্ড্ৰাই। গানটো তাইৰ ভাল লাগে। সেয়ে ঘৰত কোনো নথকা সময়ত তাই ম'বাইলত গান লগাই নিজৰ কামবোৰ কৰে। ইচ্ছা কৰিলে মিউজিক চিস্টেম বা এল ই ডি টিভিটো তাই গান শুনিব পাৰে। কিন্তু ৰেডিঅ'ত গান শুনি ডাঙৰ হোৱা চাণ্ড্ৰাই এনেকৈ ম'বাইলতে গান শুনি শুনি কাম কৰে। বিশেষকৈ অসমীয়া গানবিলাক। দুদিনমান আগতে তাই এই গীতটো য়ুটিউৱত মাৰ্ক কৰি থৈছিল, সময় পালেই শুনিব বুলি। নীৰৱ ওভতি আহোতে পলম হ'ব ইফালে আৰাৱ স্কুলৰ পৰা আহি শুই আছে। এঘণ্টা সময় তাই কোঠাটো সজাই পৰিস্কাৰ কৰিয়েই কটাব বুলি ভাবিছে। গতিকে গানৰ মাজত নিজক ডুৱাই দি তাই লাগি আছে কামত। জন্মসূত্ৰে চিলঙীয়া চাণ্ড্ৰাৰ অসমীয়া গানৰ প্ৰতি ৰাপ আছে বুলি বহুত কমেহে জানে। আৰে জানিবনো কেনেকৈ? অসম বা অসমীয়াৰ লগত তাইৰ সংযোগ অতিকে কম দিনৰ। চিলঙত ডাঙৰ হোৱা চাণ্ড্ৰাৰ পিচৰফালৰ শিক্ষা দীক্ষা দিল্লীত আৰু বৈৱাহিক সূত্ৰে আজি দহ বছৰ আটলাণ্টা চহৰত। গতিকে যোগসূত্ৰ বিচাৰি উৱাদিহ নোহোৱা হোৱাটো স্বাভাৱিকেই। লেপটপটো ওচৰ চপাই ভিডিও কলটো লগালে। : মাম্মী জী নমস্তে। আৰাৱ উঠ্ গয়া ক্যা? চকু মোহাৰি মোহাৰি আৰাৱে ক'লে দিনটো সি ক'ত কি কৰিলে। কিমান হমৱৰ্ক দিছে আৰু মাক দেউতাকে যাতে তালৈ ভাল ভিডিঅ' গেম এটা দি পঠিয়াই। ইটো সিটো কথা পাতি লেপটপটো বন্ধ কৰিলে চাণ্ড্ৰাই। সময় এতিয়াও ভালেখিনি, নীৰৱ ঘুৰি আহিবলৈ। এপাক জিমৰ পৰাই আহোগৈ বুলি তাই ওলাই গ'ল।
আগলৈ......

Comments
Post a Comment