অনুগল্প : ৭৫ মগজুৰ জোল
অনুগল্প : ৭৫ মগজুৰ জোল
ডিমাগ কা দহি, খেয়ালি পোলাও, কৌৱা বিৰিয়াণিৰ পিচত এইবিধ কি নতুন জুতি ওলাল ডিম্বই ভাৱি ভাৱি পাৰ পোৱা নাই। অৱশ্যে লিলিয়ে তাৰ কিবা খাওঁ কিবা খাওঁ কৰি জিভা লকলকাই থকা দিনবোৰত হাবাথুৰি খাবনে গালি খাব বুলিও নোসোধা নহয়। এইধৰনৰ ধেমালি কৰিলেও লিলিয়ে অৱশ্যে মোটামুটি ভালেই ৰান্ধে। তাইৰ আন্জা পাগত উঠা হয়। গতিকে ডিম্বই কোনোদিনে অভিযোগ কৰিব লগা হোৱা নাই। আজিহে সি কথাটো বুজি পোৱা নাই। লিলিৰ অাচৰণৰ পৰা ধেমালি কৰা যেনো লগা নাই। তেন্তে? সি কিবা ভুলকে শুনা বুলি তাইক দুবাৰো সুধি চালে। নাই , ভুল হোৱা নাই তাৰ। তাই মগজুৰ জোল বুলিয়ে কৈছে। দিন হাজিৰা কৰি ৰমেশ মিস্ত্ৰীৰ লগত ফুৰা তাৰ ভালে কেইবছৰেই হ'ল। ৰেন্ডা মৰাত সি ৰমেশ মিস্ত্ৰীক সহায় কৰি দিয়ে। ৰমেশ মিস্ত্ৰীকে মনৰ খু দুৱনীটোৰ কথা ক'লে। তেঁওৰ পৰাও সঠিক উত্তৰ নাপায় সি গধুলিৰ সাঁজত লিলিয়ে কি মগজুৰ জোল খুৱাই তাকেই ভাৱি দিনটো পাৰ কৰিবলৈ থিক কৰিলে। লিলিয়ে থিকাদাৰৰ ঘৰত কাম কৰি দিয়ে। যোৱাকালি থিকাদাৰৰ ল'ৰাটোৰ জন্মদিন বুলি পাৰ্টী আছিল। তাতে ৰন্ধা মগজুৰ আন্জা ভালেখিনি ৰৈ যোৱাত থিকাদাৰণীয়ে তাহাঁতলৈ এবাটি আণ্জা দি পঠিয়াইছে। সোৱাদটো ভালেই লাগিছিল। পিচে পনীৰৰ সৰু সৰু ভঙা টুকুৰাৰে জোলখিনি ভাতৰ লগত সানি খাব লওঁতেই লিলিয়ে কথাটো ক'লে: ডাঙৰ মানুহৰ ডাঙৰ কথা। এই মগজুৰ জোলখনত বোলে হাজাৰৰ ওপৰত খৰচ পৰিছে। মই বোলো থিকাদাৰণী বাইদেউ, এই মগজুৰ জোলখনত কি কি বস্তুনো দিছে যে ইমান খৰচ হ'ল? বাইদেৱে ক'লেযে ইয়াত কাজু, পনীৰ আৰু তৰমুজৰ গুটি দি গাখীৰৰ লগত ৰান্ধিছে। বাইদেউৰ ডাঙৰ মনটো আছে বাবেহে আমিও এবাতি পালো, নহ'লেনো আমাৰ ভাগ্যত মগজুৰ জোল মিলেনে?

Comments
Post a Comment