গল্প: অকিৰ সৈতে এসন্ধ্যা
অকিৰ সৈতে এসন্ধ্যা
ডিকমৰ ফেচবুক ৱালত ফটোখন দেখিয়ে আৰু এখন্তেকো নৰ'লো। ইমান বছৰৰ মুৰত দেখি ৰৈ থাকিব পাৰি জানো? ইমিডিয়েট এক্সনৰ ৰিপ্লাই প্ৰায় আধাঘণ্টা মানৰ মুৰত নটিফীকেচনৰ ৰূপত দেখিলো। ফেচবুকত দহ বছৰ পুৰণা বন্ধুত্ব ৰিজিউ হ'ল। বচ্ হৈ গ'ল আৰম্ভ। কি, ক'ত, কিয় বিখ্যাতৰ পিচত ডাইৰেক্ট ফ'ন নম্বৰ দে? মিটিঙ আৰু কিবা কিবি কামত ব্যস্ত থকা বাবে অৱশেষত ৰৱিবাৰে আবেলি লগ কৰাৰ সিদ্ধান্ত হ'ল। স্কুলীয়া সহপাঠী অকিক টুৱেল্ভতে যি দেখিছিলো তাৰ পিচত সুংসূত্ৰই পোৱা নাছিলো অত বছৰে। ফেচবুকে জনালে যে সি ইন্জিনীয়েৰিঙ দিল্লীত, এম. বি. এ. বেংগলুৰু আৰু তাৰ পিছত দুবছৰ আমেৰিকাত কাম কৰি যোৱাবছৰ কলিকতাত লেন্ড কৰিছেহি। তাৰ এই হায় প্ৰফাইল কেৰিয়াৰত চমু ব্ৰেক লগাই বিজনেচ এটাৰ ধাণ্ডাত ডেৰমাহ আগতে গুৱাহাটীত আহি হাইঠা মাটিত পৰিল। সেই সুযোগতে ফেচবুকীয়া, পুৰণা, কুত্তাৰ দৰে বাফাডাৰ ফ্ৰেন্ডবোৰ মিলি পুৰ্নমিলনৰ পাৰ্টীবোৰ সুব ধুমধামে চলাই আছে। ময়ো সহযাত্ৰী হোৱাৰ সুযোগটো ল'লো। : ক'ত যাবি ক'? স্টীয়েৰিঙত হাত থৈ অকিয়ে সুধিলে। : তই জান'ই দেখোন মোৰ চইচবোৰ। : সেই কাৰনেই সুধিছো বেং। : হাইৱেৰ ফালে যাও ব'ল। অলপদুৰত এটা টিলাৰ ওপৰত সৰু মন্দিৰ এটাও আছে। চহৰখন চাব পাৰি। তাৰপিচত অলপ ফুৰি মেলি ধাবাত ডিনাৰ কৰি ঘৰলৈ ওভটিম। হ'বনে? : বঢ়িয়া। বল তেন্তে। মোক অলপ ৰাস্তা দেখাবি, ভালদৰে নাজানো যে। মন্দিৰটো পাঁও মানে প্ৰায় চাৰি বাজিছে। ফলকখন চালো। এঘণ্টাৰ ভিতৰত মন্দিৰ বন্ধ হৈ যাব। লৰালৰিকৈ ছিৰি বগাই গ'লো। সেৱা জনাই মন্দিৰৰ ওচৰৰ শিল এটাত বহিলো। অকি ফটো তোলাত ব্যস্ত। : ইয়াৰপৰা যাঁওক। কোনোবা এজনে ক'লে। নিৰৱে দুয়ো নামি আহিলো। অলপ দুৰ নামি অকি আকৌ ফটো তোলাত লাগি গ'ল। আমেৰিকাৰ পৰা সি বিশেষ কেমেৰা এটা আনিছে। সৰুৰে পৰা ফটোৰ সুব নিচা তাৰ। : ইয়াৰ পৰা আতৰ হঁওক। আন এজন ধুতিধাৰীয়ে আদেশ দিলে। ঘৰমুৱা চৰাইজাকৰ ফটো ক্লিক কৰি থকাৰ পৰাই সুৱ অসন্তোষিত ভাৱে ওভটনি খোজ ললো দুয়োজনে। মন্দিৰৰ মেইনগেটৰ ওচৰতে দুটামান ধুনীয়া ফুল দেখি অকি ৰৈ গ'ল। শিল এচটাত বহি মেচেজ চাই থকাৰ মাজতে আকৌ আকাশবাণী শুিনলো। : আপোনালোকৰ লাজ মান নাই নেকি? সন্ধিয়া সময়ত ডেকা ল'ৰা এটাৰ লগত গাভৰু ছোৱালী এজনী কি কৰিবলৈ আহেহে? লাজ আছে যদি দ্বিতীয়বাৰ ইয়ালৈ নাহিব। ধুতিধাৰীয়ে আদেশ দি যেন অন্তৰ্ধাণ হ'ল। লাজত মুচকচ যোৱা মইজনীয়ে অকিলৈ চাবলৈ ধৈৰ্য্য বা সাহস নহ'ল মোৰ। তীব্ৰ খঙত কঁপিছে অকি। গাড়ীৰ ফালে আগবাঢ়ি আহি এবাৰ ঘুৰি চাই দেখো অকি নাই । : কি বুলি ভাৱিচ তহঁতে? চৰাই আৰু ফুলৰ ফটো তোলা বাবে মই যদি অভদ্ৰ হঁও তেন্তে তহঁতবোৰটো কুলাংগাৰ। গধুলী চাৰি বজাত মন্দিৰত ফুৰিবলৈ অহা সকলো ডেকা গাভৰুৱে ব্যভিচাৰ নকৰে। আপোনালোকৰ মনবোৰ শুদ্ধ ৰাখক, মন্দিৰৰ চৌহদ নিজে নিজেই পৰিস্কাৰ হৈ থাকিব। অকিৰ চিঁঞৰ শুনি ধুতিধাৰী শিলত পৰিণত হ'ল আৰু দুশেতাঁ গৰম লোতকে মোৰ গাল দুখন দেখোন তিয়াই থৈ গ'ল।

Comments
Post a Comment