কোমল ৰ'দ ( গ )
কোমল ৰ'দ
( গ )
নৈশযাত্ৰী কঢ়িয়াই অনা বাছখনে কাহিলী পুৱাতে আহি চহৰখন পালেহি। চকুটো খুৱ পুৰিছে গীতমৰ। ৰাতি কেবা বাৰো বমি হৈছে। এ. চি. বাছৰ ঠাণ্ডা বতাহেও বমি কৰি কৰি গৰম হৈ অহা মুৰটো শীতলাব পৰা নাছিল। তিনিমান বজাত ভাগৰতে চকুদুটা লাহেকৈ মুদি দুটামান মন্ত্ৰ মনতে পঢ়িছিলে। চিলিমিলকে টোপনিটো অহাৰ অলপ পিচতেই বাছখনে গন্তব্যস্থল আহি পাইছিল। নিজক চম্ভালি গাড়ীৰ পৰা নামিল তাই। হেন্ডীমেনজনে গাড়ীৰ ডিকি খুলি তাইক টোকেনখন বিচাৰিলে। ২৫,২৬ আৰু ২৭, তাই খপজপকে বেগটো খুচৰি টোকেন নম্বৰটো পঢ়িলে। বেগকেইটা নমাই হেন্ডীমেনজনে আকৌ এবাৰ টোকেন নম্বৰকেইটাৰে বেগত লাগি থকা টেগনম্বৰ চেক কৰি চালে। তাৰপিচত ডিকিৰ দৰ্জা লগাই হুচেইল বজালে। মিনিটতে চালকে বাছখন চলাই দিলে আৰু হেন্ডীমেনজনৰ লগতে গাড়ীখনো চকুৰ আতৰ হ'ল।
বেগ তিনিটা পথৰ পৰা চোচোৰাই জিৰনীঘৰটোৰ ভিতৰত থ'লে গীতমে। কানিমুনি আন্ধাৰত জিৰনীঘৰটোৰ বেঞ্চটে এজনে শুই থকা দেখিলে। হয়তো কোনোবা পাগল বা ভিক্ষাৰী। চুলি অলপ ওলাই আছে, উৰি থকা কাপোৰৰ বাহিৰত। জটুলা জটুলি। শুই থকা মানুহজনৰ পৰা এক নিৰ্দিস্ট দূৰত্বত নিজকে বেগ দুটাৰ লগত ৰাখি বহি দিলে তাই। অদূৰত দেখিলে দুজনমান পুলিচ পইন্টৰ গাতে লাগি থকা দোকানখনত অলপ বিশৃংখল কাপোৰ কানিৰে চিগাৰেট খাই থকা মানুহ। মানুহ দুজনে তাইলৈ চাই কিবা কথা পাতি থকাযেন লাগিল। মনতো দেখোন কোচমোচ খাই গ'ল। ভয়খিনি জোকাৰিবলৈ অন্যফালে দৃস্টি ঘুৰালে তাই, ৰক্ষা দুজন প্ৰাত:ভ্ৰমনকাৰী আহি আছে। মনতো অলপ ডাঠ হ'ল। বেগৰ পৰা মোবাইলটো উলিয়াই সময় চালে। ৫ বাজো বাজো হৈছে। এতিয়া আৰু চিন্তা নাই, পোহৰ হ'ল যেতিয়া অট' বা কেব কিবা এটা বুক কৰি আগবাঢ়িব পাৰিব।
হোটেলখনত চেক ইন কৰি ব্ৰেকফাস্টৰ অৰ্ডাৰটো দিও বুলি ৰিচিভাৰটো হাতত ল'লে। গোটেই ৰাতি বমি হোৱা বাবে ভোকতো লাগিছেই। ব্ৰেকফাস্ট আহি পায় মানে তাই ফ্ৰেচ হৈ লব পাৰিব। ইডলি একপ্লেট অৰ্ডাৰ দি তাই বাথৰুমত সোমাল। বেলেগ বস্তু খোৱাটো ভাল নহ'ব। পেট বেয়া হ'লে অৱস্থা কাহিল হ'ব।
গা ধুই আহে মানে ব্ৰেকফাস্ট আহি পাইছিল। চাহ বাকি থকা ল'ৰাটোক তাই সুধিলে, গুলাৱ কুন্জ কিমান দূৰ হ'ব আৰু কোনফালেৰে গ'লে সহজ হব? তাৰ কথাৰ পৰা বুজি পালে যে বেছি দূৰ নহয়। পুলিচ পইন্টটোৰ বাঁওফালে অলপদূৰ গ'লেই ঠাইডোখৰ। আছলতে এটা বৃহৎ কম্প্লেক্স। কেবাটাও অফিচ আছে তাত। তাই তিনিমহলাৰ সোঁফালত থকা অফিছটোৰ দিশে আগবাঢ়িল। ঘড়ীটো আকৌ এবাৰ চালে। থিকেই আছে। দহবজাত পোৱাকে মাতিছিল, নটা পঞ্চলিশহে হৈছে।
হোটেল ঘুৰি আহি ৰাতিৰ আহাৰৰ অৰ্ডাৰটো দিলে তাই। দিনটো ভালকে খোৱা নহ'লেই। এটাৰ পিচত আনটো ৰাউন্ড ইন্টাৰভীউ দি দি ভাগৰে হেঁচা মাৰি ধৰিছে। লাঞ্চ ব্ৰেক মাত্ৰ পোন্ধৰ মিনিট আছিল। চেন্ডৱিচ্ এটাৰেই পাল মাৰিব লগা হ'ল।
বিচনাত বাগৰি মাকলৈ ফ'ন লগালে। আজি ৰাতি আৰু যাত্ৰা কৰিবলৈ ধৈৰ্য্য নাই। কাইলে পুৱাহে তাই হোটেল এৰিব বুলিও ক'লে। মাকে কিবা কিবি কৈ আছিল, ও - আ কৰি ফ'ন ৰাখিলে তাই। শুনিবলৈ ধৈৰ্য্য নাছিল। আছলতে সময়খিনি অকলে কটাব বিচাৰিছে তাই। মাকৰ অযথা চিন্তাবোৰ, ভালকে দৰ্জা লগাই শুৱি, খোৱাবোৰ শুঙি চাইহে খাবি জাতীয় কথাবোৰ শুনিবৰ ইচ্ছা নাই। পইচা বেচি গ'লেও দামী হোটেলেই লৈছে তাই। চাকৰিটো বহুত প্ৰয়োজন তাইৰ। চাকৰিটোৰ লগত তাইৰ আত্মসন্মান জড়িত হৈ আছে। যিখিনি কথা আদিৰাজৰ মৰম বা স্নেহ বুলি ভাৱি আছিল সেয়া যে তাৰ মাত্ৰ তাইক চেপিখুন্দি ৰখাৰ, এক অদৃশ্য জেলত ৰখাৰ পৰিকল্পনাহে আছিল সেয়া তাই যোৱা সন্ধিয়াহে ভালকে বুজি পালে। চাকৰি তাইৰ গৃহ চহৰতে হ'ৱ, মাত্ৰ ইন্টাৰভীউৰ কাৰনে হেড অফিচলৈ আহিব লাগে। কথাখিনি তাই আদিৰাজক কোৱাৰ পৰাই লক্ষ্য কৰিছিল বিৰূপ মন্তব্য, খোচা - বিন্ধা কৰা মতামত। মাকে কৈছিল, নহ'লে তয়ে লগত যাগৈ বাবা, বোৱাৰীয়ে অকলে কস্ট পাব। আদিৰাজৰ মতে তাই কাম কৰাৰ অযোগ্য, ঘৰখন চম্ভালাৰ বাহিৰে অন্য চিন্তা মনত সুমুওৱাটো সময় আৰু টকাৰ শ্ৰাদ্ধহে। বাছস্টেন্ডত গাড়ীৰ পৰা নামিবৰ সময়টো আদিৰাজৰ তাচ্ছিল্য কানত পৰিছিল। এয়া প্ৰথমবাৰ নাছিল। যেতিয়াই তাই চাকৰি সংক্ৰান্তীয় কথা কৈছিল, প্ৰতিবাৰেই আদিৰাজে এনেকুৱা মন্তব্য আৰু ব্যৱহাৰ কৰি আহিছে তাইক। ফাইনেল ৰাউন্ডত ইচ্ছাকৃতভাৱেই তাই উত্তৰ দিছিল যে গৃহচহৰত নহয়, পাৰিলে নতুন ঠাই এডোখৰত তাই কৰ্মজীৱন আৰম্ভ কৰিব বিচাৰে। নতুন পৰিৱেশত শিকিবলৈ তাই সদায় আগ্ৰহী। হয়তো দুদিন পিচত তাই অফাৰ লেটাৰ পাই যাব। ঘৰ পাই তাই এখন লিস্ট বনাব। নতুন ঠাইত থাকিবলৈ কি কি লাগিব মনতে ভাৱিবলৈ লাগিল তাই।

Comments
Post a Comment