কিছু বাস্তৱ কিছু সংশয়
কিছু বাস্তৱ কিছু সংশয়
ৰাতিপুৱাই পদূলীৰ গেটখনত খটং খটং শব্দ শুনি খিড়ীকিৰে জুমি চালো। ফুল আৰু গছৰ ঠাৰি চিঙি দুটা মান কিশোৰ পলাল। খিড়ীকিৰ খোলোৰ শব্দত সিহঁত সচেতন হৈ গেটখন খোলা অৱস্থাতেই এৰি দৌৰ দিছে। প্ৰায়ে আমাৰ বাগিচাৰ ফুল নিবলৈ মানুহ দুনুহ আহে। কিন্তু গেটখন খুলি থৈ গ'লেহে খঙ উঠে। মোৰ ঘৰৰ ফুল পাতেৰে ভগৱানক সন্তুস্ট কৰিব কিন্তু গিৰিহঁতক সুধি ফুল চিঙাৰ সৌহাৰ্য্য বা জপনাখন জপাই থোৱাৰ নুন্যতম শিস্টাছাৰো নাই। অৱশ্যে সকলোৱেই এনেকুৱা নহয়, যিসকল এই শ্ৰেণীত পৰে তেঁওলোকৰ হিতাহিত জ্ঞানৰ অভাৱ বুলিয়ে ধৰি লৈছো, কাৰন এইধৰনৰ অশিস্ট আছৰণ তেঁওলোকে সকলোৰে ঘৰত কৰে।
শিক্ষক দিৱস বুলিলে আমিও সৰুতে স্কুলত এটকাৰ পৰা পাচটকালৈ নি দিয়া মনত আছে। শ্ৰেণীশিক্ষকে টিকট এটা দিয়ে যিটো আলপিনৰ সহায়ত চাৰ্ট বা চাদৰত গুজি লৈছিলো। তাৰোপৰি ঘৰৰ পৰা ফুল আনি টেবুল চকী বোৰ সজাই লৈছিলো। কাৰ্ড বা অন্য উপহাৰ দিয়া ব্যৱস্থা আমাৰ নাছিল। সুব বেচি সভা এখন পাতি সকলোকে সম্বৰ্ধনা আৰু গীত মাতৰ কাৰ্যসূছী ৰূপায়ণ কৰা হৈছিল। কলেজত আহি দেখিলো সকলোৱে নিজৰ প্ৰিয় শিক্ষাগুৰু জনক কাৰ্ড বা উপহাৰ দিয়ে। অৱশ্যে আমি আমাৰ শিক্ষাগুৰু সকলক উপহাৰ বা ফুল নিদিলেও সদায় দিছিলো অপাৰ শ্ৰদ্ধা আৰু আমি শিকি অহা শিস্টাছাৰ বোৰ।
মনত আছে এবাৰৰ ঘটণা। চাইকেল চলাবলৈ শিকি আছিলো, হাফ পেডেলত অভ্যস্ত হোৱাৰ পিচত ফুল পেডেলৰ শিক্ষা লৈ আছো। দেউতাৰ ৱাইচ ঈন্সিৰ হিৰো চাইকেলখনত আবেলি অনুশীলন পৰ্ব চলি আছে। ভৰিৰে পেডেল ঢুকি নাপাঁও। গতিকে চাইকেলখন কাৰোবাৰ ঘৰৰ বাহৰ বেৰত থৈ ছিটটোত বহি লঁও বা চাইকেলৰ পেডেল দুডালৰ জোৰাটোত এখন ভৰি থৈ জোৰকে চোচোৰাই লৈ গৈ কিটিপতে চিটট বহি দিঁও। তাৰ পিচত সোঁফাল হঁওক বা বাঁওফাল হঁওক, যিফালৰে পেডেলপাত ভৰিৰে চুৱ পৰা উচ্চতাত আছে গাৰ গোটেইখিনি বল জোৰ লগাই থেলা মাৰি দিঁও যাতে অন্যডাল পেডেল আহি ভৰিত লাগে আৰু মই চাইকেলখন আগুৱাই নিব পাৰো। হেন্ডেলডাল কোনোমতে চিধা ৰাখি চাইকেল শিকি আছো। কেইবাৰ পৰি হাত ভৰিৰ চাল চিগিচে হিচাব নাই। অদূৰত দেখিলো কোনোবাই মোৰ ফালে হাত বাউলি দিছে। আগুৱাই গ'লো, ভৰিৰে ঢুকি পোৱা পেডেলখনত জোৰে জোৰে থেলি দি। অৱশেষত মানুহজনৰ ওচৰ পালো। কিন্তু লেঠাটো তাতেই লাগিল। চাইকেলত উঠা আৰু নমা দুয়োটা কামতে সহায় লাগে। মানুহজন হৈছে কলিতা চাৰ। গতিকে চাৰৰ ওচৰ পালে চাইকেলৰ পৰা নামি সম্ভাষণ জনাবই লাগিব। তাতে আকৌ চাৰে নিজেই মাতিছে, নিশ্চয় কথা পাতিব। কি কৰো নকৰো ভাবি ব্ৰেকডাল জোৰেৰে মাৰি দিলো। চাইকেল ৰ'ল আৰু নিজে একেবাৰে চিলনী ছট মাৰি ওফৰি আহি শিল দিয়া ৰাস্তাটোৰ ওপৰতে পৰিলো। ভৰিৰ নখ আৰু আঠুৰ চাল চিঙি মহমহীয়া বিষ এটাই আগুৰি ধৰিলে যদিও চাৰক হাঁহিমুখেৰে কিয় মাতিছিলে বুলি সুধিলো আৰু চাৰক দুখ নাই পোৱা বুলি ক'লো।
ঘটণাটো সাধাৰণ যদিও আমি আমাৰ শিক্ষাগুৰু সকলক ৰাস্তাত লগ পালে চাইকেলৰ পৰা নামি দিয়া, মুৰৰ ওপৰত থকা ছাতি গুচাই দিয়া আদি সন্মানসূচক ব্যৱহাৰ কৰিছিলো আৰু এয়া নকৰাজনক অশিস্ট বুলি গন্য কৰিছিলো। গাড়ী মটৰটো তেঁওলোকক চিট এৰি দিছিলো আৰু তেঁওলোকৰ পত্নীকো সমমৰ্য্যদাই দিছিলো। আমাক এনেদৰেই আছৰণ কৰিবলৈ ডাঙৰে শিকাইছিল আৰু এয়া আমি নিজৰ কৰ্তব্য বুলিয়ে ধৰিছিলো। এবাৰ খুড়া এজনে কৈছিল নিজৰ কাহিনী। দ্বিতীয় ল'ৰাটোৰ জন্মৰ দিনা ফূৰ্তিতে তেঁও মিঠাই নিবলৈ আহিছিল। মিঠাইৰ দোকানৰ সংলগ্ন পাণ দোকানখনৰ পৰা চিগাৰেট এটা লৈ হোপাটো মাৰিব লৈছিলহে, দাসচাৰক দেখা পালে। লগে লগে চিগাৰেটটো লুকাব চাওতে তেঁও ধুনীয়া মোচকোচা জ্বলি গ'ল আৰু সিদিনাৰ পৰাই তেঁও চিগাৰেট খাবলৈ এৰিলে। খুড়া এজন উচ্চপদস্থ চৰকাৰী বিষয়া। গতিকে এনেকুৱা পৰিবেশত এনেকুৱা ব্যক্তিৰ লগত থাকি আমি এনেকুৱা আছৰণ কৰিবলৈয়ে শিকিছিলো। তাৰোপৰি ডাঙৰক সোধাপোচা কৰাৰ ক্ষেত্ৰটো আমি কিছুমান কৌতুহল বাৰণ কৰিছিলো। কলেজ হোস্টেলত যেতিয়া ছিনিয়ৰ বিলাকৰ পৰীক্ষা কেনে হ'ল বুলি আনে সুধিছিল, মই সোধা নাছিলো, কাৰণ এটাই ডাঙৰক সুধিব নাপায় বা সোধাটো অশিস্ট আছৰণ। মোৰ এই মনোভাৱৰ কাৰনে অৱশ্যে কিছুমানে মোক ককৰ্থনাহে কৰিছিল।
যা হওক, এম. বি. এ. পঢ়ি থকা সমলয়ৰ কথা মানে অভিযোগ। দুই ঈন্সি মেকআপ লগাই মোনিচা ( মনিষা আমাৰ ভাষাত) মেডাম ক্লাছত সোমালহি। তাৰ পিচত ক্লাছৰ সকলোতকে ধুনীয়া পাহুৱাল ছাত্ৰ অভিনয় পেটেলৰ ওচৰত থিয় হ'ল আৰু অলপ পিচতেই সকলো কথাৰ উদ্ধৃতি দিওতে তাক সাঙুৰিলে। তাৰ পিচত এসপ্তাহৰ ভিতৰতে দুয়োৰে মাজত প্ৰেমালাপ চলিল। তাকে দেখি দিপক বাৰ্মা আৰু কুণাল ৰাষ্টোগিও মেডামৰ প্ৰিয়পাত্ৰ হ'বলৈ উঠি পৰি লাগিল। "ৰূপ কি ৰাণী" বুলি নিজক প্ৰতিস্থা কৰিবলৈ চেস্টা কৰা পুণম, পাৰোমিতা আদিও হেন্ডছাম কুলকাৰ্ণি চাৰৰ পিচত লাগিলগৈ। তাকে দেখি আমাৰ অৱস্থা আছিল ফাট মেলা বসুমতী পাতালে লুকাও। অৱশ্যে লাভ ভিতৰত সেইশ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি কম থাকিলেও পৰীক্ষা দিবলৈ পালে আৰু কেম্পাছটো ভাল কোম্পানিৰ চাকৰি পালেগৈ। সমলয়ৰ কথাত আমি হতবাক হোৱা নাই।এনেকুৱা শ্ৰেণীৰ শিক্ষক আৰু ছাত্ৰ সকলোতে বিৰাজমান। অৱশ্যে ভাল শিক্ষক নথকা নহয়, কাৰণ তেঁওলোকৰ আশাসুধীয়া প্ৰচেস্টাতে আমিবোৰ আগবাঢ়িলো। তেঁওলোক সদায় নমস্য। কিন্তু বোকাসদৃশ অন্যসকলৰ কদৰ্যময় কাৰ্য্যকলাপে আমাৰ সংস্কাৰক বৃদ্ধাংগুস্থহে দেখাইছিল। কিন্তু সকলো মৌন। নিৰৱতাৰে নিজৰখিনি পালন কৰি গৈ আছে।
সকলো অনুস্থানতে নিয়মাৱলী থাকে। নিয়ম পালন কৰাটো মৌলিক ধৰ্ম। কিন্তু নিয়ম ভঙাৰ নিয়মে সকলো গ্ৰাস কৰিছে। এনেকুৱা শ্ৰেণীটোৱে আগৱাঢ়িছে সহজতে ক্ষীপ্ৰতাৰে আৰু নিয়ম মানি চলাসকল হৈ পৰিছে মন্থৰ। এতিয়া আমাৰ সংশয়। নৈতিকতাৰ সংকটকালত শিস্টাছাৰৰ মূল্য কেইজনে পাইছে? নে আমিও আগবাঢ়িছো সংস্কাৰবিহীণ সেই আদিম সভ্যতাৰ দিশে?
Comments
Post a Comment