অনুগল্প : টক টাইম

অনুগল্প : টক টাইম

ফোনটো কানত এক বিশেষ ভঙ্গীৰে গুজি লৈ শশাঙ্ক কথা পাতি পাতি অফিচলৈ ওলাই গ’ল। বেগটো গাড়ীত থৈ হাতখন জোকাৰি সি ওলাই গ’ল, দিনটোৰ বাবে।ৰাতি ঘুৰি আহোতে কেইটা বাজিব হিচাপ নাই। সেমেকি অহা অনুভূতিটো কোনোমতে লুকুৱাই নেহা ঘৰ সোমাল। ফোনটো দেখি মনত পৰিল আজি বিল দিয়াৰ দিন। আনলিমিটেড টক টাইম আৰু ডাটা থকা প্লানটোৰ বিলখন পৰিশোধ কৰি নেহা অলপ ৰ’ল। আজি প্ৰায় দহ দিন হ’লগৈ, শশাঙ্কই তাইৰ লগত কথা নপতা। কাজিয়া ? নাই কাজিয়া কৰিবলৈও দেখোন তাৰ সময় নাই। বিয়াৰ আগতে আনলিমিটেড টক টাইম প্লানটোৰ বিল দিবলৈ তাহাঁতৰ টকাৰ অভাৱ আছিল কিন্তু সময়ৰ অভাৱ নাছিল। উজাগৰ ৰাতিবোৰ আৰু কামৰ ফাঁকে ফাঁকে পোৱা আহৰিবোৰ ভৰি আছিল তাহাঁতৰ কথা আৰু কথা। তাৰ বাহিৰে তাহাঁতৰ চিন্তাই নাই। আজি বিয়াৰ দুবছৰ পিচত শশাঙ্কৰ আনলিমিটেড টক টাইম আৰু ডাটা থকা প্লানটোৰ ভাগীদাৰ তাই নহয়, সুখ বুলি কিনি অনা ঘৰৰ আছবাব, গহণা, গাড়ী আদিহে। তাই কেৱল ৰিমাইণ্ডাৰ দি থকা মেছেজ এলাৰ্টহে, কি গ’ল কি হ’ল মাথো হিচাপ কৰিহে বহি আছে। জীৱনটোৱে দেখোন টক টাইম যেন লাগিল তাইৰ ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)