কোমল ৰ'দ ( ঘ )
কোমল ৰ'দ ( ঘ )
কেলেন্ডাৰৰ দুখিলা পাত চিঙি লৈ, দুয়োখন হাতেৰে পাৰে মানে হেঁচা দিলে। প্ৰকৃততে দীঘলে ৫ আৰু বহলে আঠ ঈন্সিৰ দুখিলা কাগজ যদি জীৱন্ত ৰূপত থাকিলহৈ তাত নিশ্চয়কৈ সোঁহাতৰ বৃদ্ধাংগুষ্ঠৰ প্ৰায় ঢেৰ কিলো ওজনৰ হেঁচা আৰু বাঁওহাতৰ আটাইকেইটা আঙুলীৰ গড়ে দুই চেন্টিমিটাৰ দীঘল নখৰ আঁচোৰত জিউ উৰি যোৱা অৱস্থা হ'লহৈ। প্ৰায় দুই মিনিটমান সময় এনেদৰে দুদিনৰ খং , দুখিলা কাগজত লেটিয়াই, মোহাৰি লাড়ুৰ আকাৰত দিয়া নোহোৱালৈকে মুখৰ ভিতৰতে মন্ত্ৰ মতাৰ দৰে গোৱালগালি কেইটা দি অতাঁওতে চকু পৰ্দাখনলৈ গ'ল। ইমানতে যেনিবা কাগজ দুখিলাই মুক্তি পালে আৰু ডাস্টবিনৰ চুক এটাত নিজৰ স্থান প্ৰশস্থ কৰি ল'লে। পৰ্দাখনৰ তিনিটা ৰিং উন্মুক্ত হৈ আছে। পৰ্দাৰ কাপোৰখন আৰু স্পীঙডালৰ মাজত ৰিং কেইটাই বেলেন্স কৰাৰ লগতে পৰ্দাখনক ঢৌখেলা ৰূপত সজাই ৰাখি আছে। কিন্তু কোন মুহূৰ্তত অবাধ্য পৰ্দাখনে ৰিঙকেইটাৰ কঠোৰ পৰিসীমা অতিক্ৰম কৰি নিজকে চব্বিচত বা বলোৱা কাণ্ড কৰে তাৰ হিচাপ নাই। সাতটা ৰিঙেৰে পৰ্দাখনক বান্ধি ৰখাৰ যিটো ব্যৱস্থা, তাক ভেঙুচালি কৰি ৰিঙৰ পৰা বিচ্যুত হোৱা কাপোৰৰ অংশটোৱে সম্পূৰ্ণ পৰ্দাখনকে আপচু কৰি নতুন ৰূপ দিয়াত উঠি পৰি লাগিছে। তিনিদিনৰ মুৰত ঘুৰি আহিছে জয়া। বহুদিনৰ মুৰত ঘৰখন গোলোকৰ হাতত গতাই তাই গৈছিল মাকৰ ঘৰত দুৰাতি থকাকৈ। ঘুৰি আহি ঘৰটোৰ যিটোহে অৱস্থা দেখিলে, চকু কপালত। চাহ একাপ খায়েই লাগি গৈছে তাই। পাকঘৰেই চাবনে বেডৰুমেই চাব। দুদিন ধৰি কেলেন্ডাৰৰ পাত দুখিলা সলাবলৈও মানুহজনৰ সময় হোৱা নাই। এই মানুহজনে দুদিন ধৰি কৰিলেনো কি? তাই ঘৰৰ কামত লগা মাত্ৰকে তেঁও অফিচলৈ ওলাই গ'ল। সন্মুখত থাকিলে তাই কথাবোৰ আঙুলিয়াই দিব বুলি তেঁও ভালদৰেই জানে, সেয়ে প্ৰতিৰক্ষাৰ আহিলা হিচাপে হয়তো গধুলি মাছ বা মাংসৰ টোপোলা এটা আনি তাইৰ হাতত তুলি দিব। গোলোকৰ এইবোৰ বুদ্ধি তাইয়ো জানে। কিন্তু মানুহজনৰ বদঅভ্যাসবোৰক সলাবলৈহে নোৱাৰিলে তাই। মাকৰ ফোনটো পায়ে তাই লৱৰি গৈছিল দুদিন থকাকে। হীৰাই ঘৰ এৰি গৈছে। ধৱল নিৰ্বিকাৰ। মাকৰ উপায় নোহোৱা হৈ তাইক মাতি পঠিয়াইছে। ধৱল আৰু হীৰাৰ বিয়াৰ দুবছৰ হৈছে। ফেমিলী প্লেনিঙৰ নামত এবছৰে প্ৰতিমাহে হীৰাৰ দুই তিনিটাকৈ টেস্ট আৰু দৰৱৰ দীঘলিয়া তালিকা আৰু টোপোলাৰে ঘৰ ভৰাইছে। অৱশেষত এইবোৰেও কাম নিদিয়া বুলি ভবা হীৰাই নতুন উপায় বিচাৰিলে। জ্যোতিষী আৰু ডাক্টৰৰ দিহা পৰামৰ্শকো নেওচি চাৰি ঈন্সি দীঘল ৰঙাফোঁট আৰু আধাৰো বেচি জঁট লগা চুলিৰে স্বয়ম্ভূ ভগৱানৰূপে আইথানৰ ওচৰতে বহা ডাঙৰীয়া প্ৰভূয়ে হীৰাক কৈ পঠিয়াইছে যে ধৱলৰ কৰবাত কিবা লেঠা আছে যাৰফলত হীৰাৰ গৰ্ভধাৰণ হোৱা নাই। ইমানেই যথেস্ট আছিল। প্ৰথমে সোধাপোচা, তাৰপিচত দাবী ধমকি আৰু শেষত হীৰাৰ গৃহত্যাগ। ডাঙৰীয়া প্ৰভূৰ কৃপাত ধৱল - হীৰাৰ সংসাৰত জুই। তাকেই নুমুৱাবলৈ জয়া গৈছিল মাকৰ ঘৰত দুদিন থকাকৈ। দুয়োপক্ষৰ যুযোধান মূৰ্তি সলনি কৰা সহজ কাম নাছিল। অৱশেষত গজেনৰ হতুৱাই দিল্লীৰ টিকেট কাটি দুয়োজনকে বৈষ্ণোদেৱী দৰ্শনৰ বাবে গাড়ীত উঠুৱাই জয়া ঘৰমুৱা হৈছে। ইচ্ছা কৰিয়েই গজেনক কৈছে যে সিহঁতক দিল্লীৰ পৰা কাট্ৰালৈ গাড়ীতহে পঠিওৱাৰ ব্যৱস্থা কৰে যেন। তাৰোপৰি ভুলতেও যাতে ওভটণি যাত্ৰা বিমানত নকৰে, ৰেলযাত্ৰাই ভাল হব। পৰ্দাৰ কাপোৰখিনি এৰাই যোৱা ৰিঙ কেইটাত ভৰাই আকৌ এবাৰ পৰ্দাখন টানি মেলি চালে তাই। ঢৌকেইটা ফুটি উঠিছে আৰু পৰ্দাখনো সুন্দৰ হৈ পৰিছে। পৰ্দাখন চাই জয়াই ভাৱিলে তাইৰ পৰিকল্পনা কামত আহিব। বুলি দৃঢ় বিশ্বাস, কাৰণ অফিচৰ কামত পিস্ট হৈ থকা ধৱলে দুদিন হীৰাৰ লগত ভালদৰে কটালেই সিঁহত মনবোৰ ফৰকাল হৈ পৰিব।

Comments
Post a Comment