কন্যাগাত

                                                                      কন্যাগাত


ছেপ্তেম্বৰ মাহ৷ নিযুক্তি প্ৰায় ৰাজধানী এক্সপ্ৰেচৰ গতিত চলিছে৷ প্ৰায় সকলো বিভাগতে খালী পদ পূৰাব লাগে৷ ইফালে অন্য কামৰ হেঁচা আছেই৷ মাৰকেটিঙৰ বাবে তিনিটা ল’ৰা লাগে৷ কম অৰ্হতা আৰু যোগ্যতা থকা কিন্তু কামিলা হোৱাৰ লগতে বিনয়ী হোৱাটো বিচাৰিছো৷ এছিস্টেন্ট ইলাই কেবাটাও প্ৰফাইল দেখাইছে যদিও পচন্দহে হোৱা নাই৷ 

কলমটোৰ ঢাকনী লগাই দুই মিনিট চকু মুদি চিন্তা কৰিলো৷ মে আই কাম ইন? ঘুৰি চালো৷ সুন্দৰ সুঠাম ল’ৰা এজন আহিল৷ বহিব দি চিনাকিটো সুধিলো৷ লক্ষ্য কৰিলোঁ বিচৰা গুণ কেইটা আছে৷ কিন্তু ?? দাঢ়ি চাগে ৪- ৫ দিন কটা নাই আৰু নখ চাফা ৰাখিব চেস্টা কৰিও পৰা নাই৷ দীঘল অপৰিস্কাৰ নখকেইটা দেখি সুধি দিলো কি হৈছে বুলি? 
: বেয়া নাপাব মেডাম কন্যাগাত কাৰণেহে৷
চকু কপালত৷ : কি কন্যাগাতহে?
: মেডাম আপুনি হিন্দু মানুহ হৈও নাজান?
: কোৱচোন বাৰু সুধিলো
: শ্ৰীকৃষ্ণই শা্যমান্তক মনি বিচাৰি যোৱা আখ্যানটো জানে নহয়৷
: মনত নাই৷ কিয়?
: শ্যামান্তক মনি বিচাৰি কৃষ্ণই পাতাল পাইছিলগৈ৷ সকলোে ব্ৰজবাসীয়ে কৃষ্ণ মৰিল বুলি অশৌচ পালন কৰিলে৷ দূৰ্গাপূজাৰ আগে আগে এই ঘটনাটো হৈছিল৷ সেয়ে দূৰ্গাপূজাৰ আগে আগে কন্যাগাত পালন কৰি আমি আজিও অশৌচ হিচাপে দাঢ়ি নখ নকটোৱাকৈ থাকো৷ আপোনালোকে বিদেশী কোম্পানীৰ নিয়মত বাচিলে মই চাগে বাচনিত নুঠিম৷ কিন্তু মইযে নিজৰ ধৰ্ম আৰু সংস্কৃতিক লগত লৈ ফুৰো আপুনি চাগৈ বুজি পাইছেই৷

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)