কোমল ৰ'দ ( খ )

কোমল ৰ'দ ( খ )

হুৰমুৰকৈ সোমাই অহা বৰষুণজাকে ইতিমধ্যে খিড়িকীৰ ওচৰতে থকা বস্তুখিনি ভিজালেই। উপায় নাই। তাই গৈ পায় মানে মজিয়াত পাৰি থোৱা তুলিখন আৰু কিবা দুপদমান বস্তুও বৰষুণৰ পানীয়ে তিয়াই থৈ গৈছে। দিনটোৰ ভাগৰ পাহৰি যুক্তাই বয়বস্তুখিনি সামৰিব লাগিল। কামখিনি কৰি অতাই মানে ভোকে মুৰত ধৰিব ধৰিছে। ৰাইচ কুকাৰত ভাত অলপ বহুৱাই দি অভেনটো প্ৰি হিট হবলৈ দিলে। ফীজত যোৱা ৰাতিৰ অলপ মাংস আছে, তাকে গৰম কৰি খাব। অভেনত টাইমাৰ লগাই তাই গা ধুৱলৈ সোমাল। গধুলি হোৱাৰ আগে আগেই ৰিষভ আহি পালেহি। বৰষুণজাকে সৃস্টি কৰা যানযঁট ভাঙি তাঁহাতৰ বান্ড্ৰা পুণম নগৰৰ ফ্লেট পায় মানে তাৰ কাপোৰ আৰু দেহা দুয়োটাই তথৈবচ। ৰিষভ মিউজিক ইন্জিনীয়েৰ হিচাপে স্টুডিঅ' এটাত কাম কৰে। মায়া নগৰীৰ মিউজিকৰ ব্যৱসায় যিমানেই আগবঢ়া সিমানেই কস্টকৰ তাৰ নিচিনা মানুহৰ। কতো দিনটো কাম কৰি ৰাতিলৈ ঘৰ ওভটাৰ সুবিধা নাই। হয় মাজৰাতি নহয় কাহিলী পুৱাহে ওভটিব পাৰে। আজি তিনি ৰাতি সি স্টুডিঅ'তে কটাই ঘৰলৈ ওভটি আহিছে। ঘৰ মানে সি আৰু যুক্তাই সজাই লোৱা ঘৰ। যুক্তাই টিভি চিৰিয়েলত কাম কৰে। সৰু সুৰা ৰোলতেই ব্যস্ত হৈ আছে। যিখিনি পাই সেইখিনিৰে তাই গোৱালিয়ৰত পঢ়ি থকা ভায়েক আৰু উজ্জয়ণীত থকা মাক বাপেককো ভাগ দিব লাগে। নিজৰ দহটা খৰচ মিলাই তাই টনাটনীকৈ চলে। তথাপি তাইৰ ম্লান নপৰা মুখখন দেখিলে ৰিষভৰ মন ভৰি থাকে। মুম্বাইৰ এই ফ্লেটটোৰ বাবে ৰুমমেট বিচাৰি থকা সময়তে কি ভাৱি জানো অডিচন দিবলৈ যাওতে লগ পোৱা যুক্তাই হয়ভৰ দি দিছিল! দুটা কোঠাৰ ফ্লেটটোত বয়বস্তুৰে পৰা বাচন বৰ্তনলৈ সকলোখিনি যুক্তাই মৰমেৰে সজাই ৰাখে। কেতিয়াবা অসংযত ভাৱে পৰি থকা তাৰ কাপোৰবোৰো ধুই দিয়ে। কোনো অভিযোগ নাই তাইৰ। ৰিষভে তাইক সন্মান কৰে। তাইৰ ব্যক্তিত্বই তাক প্ৰভাৱিত কৰিছে। আজিৰ দিনত এনেকুৱা স্বভাৱ - চৰিত্ৰৰ মানুহ সচায়ে বিৰল। ি সকলোৱে তাই তাৰ গাৰ্লফ্ৰেন্ড বুলিয়ে ভাৱে। কেতিয়াৱা সি গাৰ্ল ফ্ৰেন্ড বুলিও পৰিচয় দিয়ে। যুক্তাই আপত্তি কৰা নাই কেতিয়াও। সকলো সম্পৰ্কৰে নাম দিয়াটো বা থকাটো জৰুৰী নহয়। নাম থকা সকলো সম্পৰ্কত জানো সন্মান থাকে? তাইক বিশ্বাসযোগ্য এজন ৰুমমেট লাগে। ৰিষভে তাইৰ সেই চাহিদা পূৰণ কৰে। মাতাল হৈ আহিও কোনোদিন সি অসভ্যালি কৰা নাই। বাপেকৰ দৰে গালি গালাজ বা মাৰপিত কৰা নাই। ভায়েকৰ দৰে তাইৰ প্ৰতিটো বস্তু টানি আজুৰি লোৱা নাই। নিজৰ মতে চলিচে। গতিকে মাকৰ দৰে দিনটো কাম কৰি ভাগৰত জুৰুলা হোৱা দেহটোত মাৰৰ চিন আৰু বিষত গেঙাই গেঙাই শুৱ লগা হোৱা নাই। ৰিষভে এবাৰ কোৱাৰ লগে লগেই তাইৰ কথা মানি লৈ তাইক ৰুমমেট কৰি লৈছে। তাইৰ কাৰনে দুই এজন প্ৰযোজকৰ লগত কথা পাতি দুই তিনি ঠাইত কামো জোগাৰ কৰি দিছে। মাথো সেইদিনা পাৰ্টিত তাইক গাৰ্ল ফ্ৰেন্ড বুলি চিনাকী দিয়াৰ বাদে আজিলৈ সি একোৱে তাইৰ ইচ্ছাৰ বিৰুদ্ধে কৰা নাই... কিবা এটা টুঙকে শব্দ হোৱাত ঘুৰি চালে তাই। অভেনত বনোৱা কেকটো হ'ল। ৰিষভে কেক ভাল পায়। কেক এটুকুৰা আগবঢ়াই এবাৰ মৰমেেৰ চালে যুক্তাই।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)