অনুগল্প ৫৮ : বিজুতি

অনুগল্প ৫৮ : বিজুতি




সমীৰৰ পুৱাৰ পৰা খং উঠি আছে। বিশ্বকৰ্মা পুজা বুলি ঘৰৰ সকলো ব্যস্ত। সকলোৱে কিবা কিবি কাম লৈছে। কোনোৱে ঘৰ চাফা কৰিছে যদি কোনোৱে আকৌ শৰাইৰ ব্যৱস্থা কৰিছে। আনকি কোনোদিনে পানী গিলাছ উঠাই নোখোৱা পাপাকেও গাড়ীখন ধুৱ লৈছে ড্ৰাইভাৰ ধনজিতদাৰ লগত। পেহীয়েকক সোধাত ক'লে যে বিশ্বকৰ্মা পুজাত ঘৰৰ সকলো সা সৰন্জাম ধুই মেলি নিকা কৰিব লাগে আৰু পুজা কৰিব লাগে। ককাৰ দিনৰ ট্ৰানজিস্টৰ আৰু আইতাকৰ মৰমৰ ৰেডিঅ'টোকো উলিয়াই চাফা কৰিব লাগি গৈছে হীৰা পেহীয়েক। সমীৰে দুবাৰ মান কামত সহায় কৰো বুলি আগবাঢ়োতে তাক সকলোৱে খেদি পঠিয়াইছে। তাৰকাৰনে তাৰ খঙটো বাঢ়ি গৈ আছে। ঘৰৰ সকলোৱে কামত লাগিছে অথচ সি একোৱে কৰিব পৰা নাই। সিটো ৰুমৰ পৰা আহি থাকোতে হঠাৎ বস্তু এটা দেখি তাৰ চকু পিৰপিৰাই গ'ল। পলম নকৰি সি মগ এটাত পানী আৰু চাবোন এটুকুৰা লৈ আহি বহি দিলে। বস্তুটো চাফা কৰি আধামান হৈছিলহে পেহীয়েকে আহি হায়ৌ বিয়ৌখন কৰিব লাগিল আৰু লগে লগে ঘৰৰ বাকীবোৰো আহি পালেহি। মাকে এচাট দিয়ে দিলে। : তোক কাম কৰিব নালাগে বুলি কিমান বাৰ কৈছো। কোনে কৰিব দিছিল? এইটো স্মাৰ্টফোন হয়, তই নাজান নেকি ফোন পানীৰে নুধুৱে বুলি?

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)