ডিচপ'জেৱল গড

ডিচপ'জেৱল গড


অলপ দূৰ চুচৰি আহি বটগছৰ ওলাই থকা শিপাডালত কোনোমতে থেকেচাটো খাই হ'লেও ৰৈ গ'ল। লাভৰ ভাগত ভৰিখন আৰু হাত এখন ভাঙি কোনোমতে থিয় দিব পৰা অৱস্থাত ৰ'লগৈ। মুখৰ পৰা গুৱাল গালি ওলাব লওঁতেই কাৰোবাৰ মাত শুনি থতমত খাই গ'ল। : তোৰো আমাৰ দৰেই গতি হ'ল? : মানে? : হেৰৌ, তই বুৰ্বকনে মুৰ্খ যে এই কথাটোও বুজা নাই? : মানে থিক ধৰিব পৰা নাই। আন্ধাৰতে মাতটো কোনফালৰ পৰা আহিছে উমান লবলৈ চেস্টা কৰিও বিফল হৈ এনেদৰেই উত্তৰ দিলে। : বাৰু বাদ দে সেইবোৰ, ক'ৰ পৰা আহিছ' ? : বৰুৱাচুকৰ পৰা। : মোৰ বেচি দূৰ নহয় তোৰ স্থানৰ পৰা। মই হাজৰিকাপুৰৰ পৰা। ইহঁত কেইজন ডেকা কলনি, জুৰি হাট আৰু হেলেঙৰ পৰা অহা। একেলগে চাৰি পাঁচজনে হাই, হেল্ল' বুলি আন্ধাৰতে মাত লগালে। : পিচে তই ধোনীৰ দিনৰ নে কোহলিৰ দিনৰ? : বুজি নাপালো। : মানে এইবাৰৰ নে যোৱাবাৰৰ ? এইখিনিও বুজি নাপাৱনে? কিযে হ'ব! : এইবাৰৰ। : দুখ নকৰিবি। আৰু মাত্ৰ চাৰি দিন। তাৰপিচত আমাৰ মুক্তি। : মানে? : তই বৰ অজলা ঐ। পূৰ্ণিমাৰ ৰাতি আমাৰ সকলোৰে মুক্তি হ'ব। গতিকে হাত ভৰি ভাঙিলেও এই কেইদিন ধৰ্য্য ধৰি থাক আকৌ। শেতা হাঁহি এটা মাৰি ভাগৰ জুৰাব লওঁতেই অন্য এজনে মাত দিলে। হয়তো ইতিপূৰ্বে চিনাকী হোৱা কেইজনৰে কোনোবা এজন হ'ব। : বুজিচে বৰুৱা। আপুনি বৰুৱাচুকৰ কাৰনে বৰুৱা বুলিয়ে মাতিছো। আপুনি চাগে ১ নং বাইলেনৰ হ'ব। মই দেখিয়ে বুজিছো। আচলতে মানুহবোৰ বৰ স্বাৰ্থপৰ। আমি সুখত আছিলো। তেঁওলোকে মাটিৰ মুৰ্তিবোৰ সাজি আমাক প্ৰতিস্থা কৰিবলৈ জোৰ লগাই আমাক মাতি আনিলে মৰ্তলৈ। ভক্তৰ আহ্বানত আমিও আহিলো। পুজা বুলি বাৰেৰহনীয়া মালা, থাৰ্মকল, পাস্টিকৰ ফুল, আনকি মদ ভাঙ খাই মাতাল হোৱা মুখেৰে ফুৱাই ফুৱাই বেলুন দিও আমাক পতাবলৈ চেস্টা কৰে। পুজা শেষ কৰি আমাৰ সন্মুখতে যৌনগন্ধী সস্তীয়া গীতেৰে নাচি বাগি ফূৰ্তি কৰে। তাকো আমি সহ্য কৰি আছো নিৰৱে। কিন্তু বিসৰ্জন বুলি আলৌ আথানি কৰি এই গেলা নদৰ্মাতযে আমাক হাত ভৰি ভাঙি যোৱাকৈ দলিয়াই থৈ যায় সেয়াহে সহ্য নহয়। পুৱাৰে পৰা দুটাকৈ কুকুৰে মোৰ গাত মুতিছে আৰু এজনী মহিলাই ঘৰৰ লেতেৰা বস্তুবোৰ মোৰ গাতে দলিয়াই গুচি গৈছে। মনত বৰ বেজাৰ লাগি আছে। মই যোৱা এবছৰে যাৰ ঘৰত আছিলো তাৰ মালিকনীয়ে অন্য নহ'লেও গধুলি ধূপ এডাল জলাই মোক সেৱা কৰিছিল। যোৱা ৰাতি বিসৰ্জন দিয়াৰ পৰা মোৰ মনতো যিমান বেজাৰ লাগিছিল এতিয়া তাৰ ঠাইত খঙহে উঠিছে। : বুজিছো দিয়ক ডাঙৰীয়া। এই মানুহবোৰক আমাৰ কৃপাৰেই উন্নতি হ'ব দিও আৰু তাঁহাতে আমাৰ এই অৱস্থা কৰে। আধুনিক ইউজ অন্ড থ্ৰ' সংস্কৃতিৰে ভৰা সমাজখনৰ আমিবোৰ হ'লো ডিচপ'জেৱল গড। গতিকে দুখ নকৰিব। অহাবাৰ আমাক আহ্বান কৰা সময়ত ভালকে মজা দিলেই হৈ যাব। এতিয়া ভাগৰ লাগিছে, অলপ শুই লঁও বলক। ( বি. দ্ৰ . ধৰ্মীয় চিন্তাৰ বিৰুদ্ধে নহয় অপসংস্কাৰৰ বিৰোধিতাৰেহে এই লেখনি প্ৰস্তুত কৰা হৈছে। অন্য দৃস্টিৰে নাচালে কৃতাৰ্থ হ'ব পাৰিম। )

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)