আৰতী বৰা

                                                          আৰতী বৰা


পঞ্চমমানত পঢ়ি থকা বাৰ অসমীয়াৰ বাইদেৱে পূজা বিষয়ে ৰচনা এখন লিখিব দিলে৷ অংক আৰু বিজ্ঞানৰ তুলনাত অসমীয়া বহুত ভালপাওঁ৷ ৰচনাও বৰ বেয়া নাপাওঁ৷ বিহু বানপানী আৰু গৰুৰ ওপৰত ৰচনা অসমীয়া আৰু ইংৰাজী দুয়োটি ভাষাতে লিখিব পৰা হৈছোঁ৷ লিখা বুলি ক’লে ভুল হব৷ মুখস্থ লিখা হয়৷ কেতিয়াবা ডি কাও ইজ আ ফৰফুটেদ ডমস্টিক এনিমেল আছিল নে ডমস্টিক ফৰফুটেদ এনিমেল আছিল পাহৰি যাওঁ৷
ৰচনা লিখিব দিয়াত অলপ দিগদাৰ লাগিল৷ ঘৰত থকা ৰচনা বিচিত্ৰা ৰচনা চয়ন বিচাৰি খোডালি শেষ৷ নিজৰ ভাষাত লিখিব লোৱা আৰু এন্ডড়ইদ ফোন এৰি ৱিন্দওজ ফোন চলাব যোৱাৰ লেখিয়া কথা৷ চব জানো কিন্ত একো নাজানো অৱস্থা৷
পূজা চাবলৈ আহোঁতে গীতাক লগ পাই সুধিলো৷ তাই নিজৰ ভাষাত লিখা বুলি ক’লে৷ ময়ো ঘৰত থকা আকাশবাণী গৰিয়সী পূজাসংখ্যা বাতৰিকাকত কেইখনমান পঢ়ি যি বুজিলো তাকেই লিখি দিলো৷
পূজাৰ পিছত বাইদেৱে দুদিনৰ সময় ল’লে৷ দুদিনৰ পিছত বাইদেৱে ক’লে যে তেওঁ আছৰিত৷ সকলোৱে কস্ট কৰিলে৷ সজ কথা৷ ৰচনা লিখোতে কোনে কোনে আনৰ সহায় লৈছে? মোৰ বাহিৰে সকলো নিমাত৷ মই ক’লো যে মই কোন কোন আলোচনী চাইছো৷
বহা বুলি কৈ বাইদেউ ৰ’ল৷ মোক ক’লে যে ইমান ডাঙৰ আলোচনীৰ পৰা পঢ়ি একো নুবুজাকৈ লিখা বাবে মোৰ ৰচনাখন কাউৰীয়ে ম’ৰাপাখী পিন্ধাৰ দৰে হ’ল৷ দীপশিখাৰ ৰচনাখন সকলোতকৈ ভাল হৈছে৷ দহৰ ভিতৰত আঠ দিছো৷ কিন্ত মই ভাষাৰ গঠন আৰু বিন্যাস দেখি দাঠি কব পাৰোঁ যে এয়া তাই লিখিব পৰাকৈ ডাঙৰ হোৱা নাই৷ নিশ্চয় ঘৰৰ কোনোবাই সহায় কৰি দিছে ৷
সম্পূৰ্ণ নিজৰ ভাষাত লিখা ৰচনাখন হৈছে গীতাৰ৷ পূজাৰ মু্ৰ্তিৰ খেৰেৰে নুৰা সজাৰ পৰাই মাটিৰ মুৰ্তি সাজি কাপোৰ আভৰণ পিন্ধোৱালৈকে দিনটোত দহবাৰ ছোৱাৰ যি হেপাঁহ সেয়া তাইৰ ৰচনাত প্ৰকাশ পাইছে৷ অৱশ্যে এটা নতুন কথাও তাইৰ ৰচনাত পাইছো৷ আৰতি বৰা৷ গীতাই লিখা মতে গধূলিবেলা মন্দপত ধূপ ধূণা হাতত লৈ কিছুমানুহে মদভাং গিলি জপিয়াই জপিয়াই নাচে৷ ঢোলৰ তালত নাচি থকাটোক আৰতি বৰা বুলি কয়৷
আমাৰো কাপোৰ কানি ক’লা হ’ল আৰু ঘৰলৈ ঘুৰি আহিলো৷

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)