গল্প : ৬১ চনচিক

গল্প : ৬১ চনচিক





মন আৰু মগজুৰ হাজাৰটা খণ্ডযুদ্ধ কৰাৰ পিছত লাৱন্যই সিদ্ধান্ত ল'লে। আছলতে অজিতে আগতেই থিক কৰি থৈছিল। অজিতৰ কথাত সমৰ্থন নকৰিলেও লাৱন্যই কোনোধৰনৰ ওজৰ আপত্তিও কৰা নাছিল। মাথো বাৰে বাৰে কথাবোৰ যাতে সকলো দিশৰ পৰা চালিজাৰি চোৱা হয় তাতহে গুৰুত্ব দিছিল। অৱশেষত দিনটো আহি পালেহি আৰু ফিয়েটখনৰ ভিতৰত বহি লাৱন্যই যেন মনৰ ডিঙাহে মেলি দিলে। টাইম মচিন থকা হ'লে তাই চাগে এতিয়াই উপস্থিত হ'লহৈ। যোৱা পোন্ধৰটা দিন কিবা চেকেন্ডৰ কাঁটাডালতেই নিজক ওলোমাই থোৱা যেন লাগিছিল। বাস্কেটটো এহাতে লৈ লনৰ হোস্টেলৰ ফালে খোজ ল'লে তাই। যোৱা দুদিন পাকঘৰত সি ভালপোৱা বস্তুবিলাকেই প্ৰস্তুত কৰি আছিল তাই। লনক হোস্টেলত ৰাখি পঢ়ুৱাবলৈ অজিতে মন কৰা বাবেই একো নকৈ তাই নিজৰ পুত্ৰমোহত অন্ধ মনটোক বুজাই বঢ়াই ৰাখিছে। পোন্ধৰদিনৰ মুৰতহে পেৰেন্ট ভিজিট ব্যৱস্থা। যোৱা পোন্ধৰটা দিন তাই কেনেকৈ কটাইছে ভাবিয়ে চকুযুৰি ভৰি পৰিল। আছলেৰে মুখখন মচিবলৈ লঁওতেই মাত শুনি ঘুৰি দিলে তাই। : অ' মিচেচ মহন্ত। ডাঙৰ বাস্কেট মানে ল'ৰালৈ অলেখ মৰম নহয়নে? চুপাৰিন্টেন্ডেন্ত হালৈয়ে ওজৰ আপত্তি কৰিছেনেকি? তাল মাৰিছেনে সঁকিয়াই দিছে ভালকে কথাটো ধৰিব নোৱাৰিলে লাৱন্যই। মাথো হাঁহিৰে মুৰ দুপিয়ালে। : মিচেচ মহন্ত য়ু ন', লন বহুত সংবেদনশীল ল'ৰা। মাজে মাজে সি মন মাৰি থাকে, ঘৰ যাবলৈও ইচ্ছা কৰে, জেদ কৰে। আপোনাৰ ল'ৰা বৰ হোমচিক বুজিছে। : হালৈ ছাৰ। মোৰ ল'ৰাটোৰ পৰা দূৰত থাকে বাবে ময়ো মন মাৰি থাকো। আছলতে বুজিছে মোৰ ল'ৰা হোমচিক নহয়, মইহে চনচিক। আপুনি বুজিছে নহয় ছাৰ? দীঘল দীঘল খোজেৰে লনৰ ৰুমৰ ফালে আগবঢ়া মানুহজনীক দেখি হালৈৰো মাকলৈ মনত পৰি গ'ল। আছলতে সকলো মাকেইটো চনচিক।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)