চোটা ৰিচাৰ্জ
চোটা ৰিচাৰ্জ
: হেৰা অহা মাহৰ বজাৰৰ লিস্টখন দিয়াছোন। : কেলেই? হাতত দেখোন দুটা সপ্তাহ আছেই? : সেইবোৰ বাদ দিয়া, আগতে লিস্টখন দিয়া। : আৰু শুনা কথাটো আনক নকবা। : কিয়? কি হ'লনো? : অহা মাহত পূজা বুলি ৰাইজে খৰচ কৰিব। : হয় তাতনো কি হ'ল? : বুদ্ধি বুজিছা। : কিনো চালে বেৰে বগাই আছে অ' এইজনে। : তুমি কি বুজিবা। পূজাত কাপোৰ, গহনা, ফুৰা চকা সকলো মিলাই খৰচ অন্যবাৰতকৈ তিনিগুন হব। পেট্ৰলৰ যিটোহে দাম বাঢ়িছে, গাড়ী ভাড়াও বাঢ়িব। গতিকে বুদ্ধি পাঙিব লাগে। : মানে? : বজাৰৰ লিস্টখনৰ দামী দামী বস্তুবোৰ এই মাহতে কিনি থব লাগিব। তাৰপিছত অহা মাহৰ এক তাৰিখৰ পৰা তুমি সপ্তাহত তিনিদিন আৰু মই তিনিদিনকে ব্ৰত ৰাখিম। বুট মগু অলপ সৰহকে আনিব লাগিব। তাৰ পিচত তোমাৰ জিম যোৱা বন্ধ। তাৰ ঠাইত তুমি পাঁচ কিলোমিটাৰকে খোজ কাঢ়িবা। ময়ো চাইকেলখন ৰিপেয়াৰ কৰি লম, কিবা দহদিনৰ পেট্ৰলৰ খৰচতে ৰিপেয়াৰিঙ সম্পূৰ্ণ হব। বাবুক স্কুলত মই থবলৈ যাম আৰু তুমি আনিবা, গাড়ীত নপঠিয়াও। ঠাণ্ডাৰ দিন আহি আছে, শাৰিৰীক শ্ৰম কৰিলে জাৰে পটকে কাবু কৰিবও নোৱাৰে। বেচিকে খোজকাঢ়িলে বেমাৰ আজাৰো নহয়। গতিকে বুজিছা এইমতে দুমাহ চলি চাও। তাৰপিচতো যদি পেট্ৰলৰ দাম নকমে অন্য কিবা উপায় উলিয়াব লাগিব। বুজিছা নহয়। শ্ৰী মতীৰ এতিয়া বিষজ্বৰ। খবৰ এপাক লব দেই!

Comments
Post a Comment