কোমল ৰ'দ ( ক )

কোমল ৰ'দ ( ক )


ভাগৰি জুগৰি হ'লেওযে কামটো কোনোমতে সাং কৰিব পাৰিলে, সেইটো ভাৱিয়ে ৰোহনে মুখত বটলটো লগালে। ইমান দেৰি সি কামটো নোহোৱালৈকে মুখত একো এটা দিয়াৰ কথা ভৱাই নাছিল। বটলৰ শেষটোপাল পানী গলাধকৰণ কৰি সি ৰ'ল। জেপৰ পৰা শ্লিপখন উলিয়াই আকৌ এবাৰ চালে। শ্লিপখন পঢ়ি থাকোতে ওৰনিৰে ঢাক খাই থকা মাকৰ মুখখন আৰু গাৰপৰা নিমখৰ তৰপ জোকাৰি জোকাৰি অৱশ হৈ মাটিতে শুই পৰা বাবাকলৈ মনত পৰি গ'ল। বৰ কস্টৰে জীৱন কটাই আহিছে ঘণশ্যাম থক্কৰৰ পৰিয়ালটো। কচ্ছৰ উপকূলত দিন ৰাতি সমান কৰি হাজিৰা কৰিও পৰিয়ালটো পালিব পৰা নাই তেঁও। নিমখৰ ডাঙৰ ডাঙৰ লদাবোৰ ভাঙি বস্তাত ভৰাই বোজাব লাগে প্ৰায় দুই তিনি কিলোমিটাৰ। নিমখৰ ট্ৰাকবোৰ তটৰ ওচৰ চাপিব নোৱাৰে। সেয়াই তেঁওৰ নিচিনা মানুহৰ ভাত মোকলোৱাৰ অৱলম্বন। বস্তাই বস্তাই নিমখ ভৰাওঁতে প্ৰায়ে তেঁওৰ গাৰ নিমখ পিঠিৰ বোজাৰ লগত মিহলি হৈ যায়। তথাপি কোনো উদ্বেগ বা অভিযোগ তেঁও কৰা নাই। সোমনাথৰ প্ৰতি একান্ত চিত্তে প্ৰাৰ্থনা জনাই তেঁও আৰম্ভ কৰে নিজৰ কৰ্মময় দিনটো। ডকুমেন্টৰীৰ কামত কেবাবাৰো অহা গ্লৰিয়া মেডামৰ লগত ৰোহনক মুম্বাইলৈ পঠিয়াই দিয়াৰ পৰা জিগিচাৰ মনটো শোকে আৱৰি ধৰিছে। ঘণশ্যামে দেখা সপোনবোৰ বাস্তৱৰ ৰূপ দিবলৈ ৰোহনৰ প্ৰতিভা আছে। গ্লৰীয়া মেডামো তাৰ কন্ঠ আৰু বাহী বাদনৰ পগলা। সেয়ে মেডামৰ বিশ্বাসতে তাক লগত পঠিয়াই দিছে। সোমেশ্বৰৰ শিৱবাবাক বাৰে বাৰে মুৰ দোৱাইছে, ল'ৰাটিক কুশলে ৰাখিবলৈ। চকমককৈ সাৰ পাইছিল ৰোহনে। চিঞৰিব খুজিও নোৱাৰিলে। মুখখন হাতেৰে বন্ধ কৰি গ্লৰীয়া মেডামে তাৰ গুপ্তাংগৰে খেলিছে। তেৰ বছৰীয়া ৰোহনে বিষত কেকাইছিল দুদিন। তাৰ পিছত মেডামে ডাক্টৰ মাতি তাৰ জ্বৰ থিক কৰিছিল। পিচদিনা তাক লৈ গৈছিল এজন প্ৰখ্যাত সংগীতজ্ঞৰ স্টুডিঅ'লৈ । ঘৰলৈ টকাকেইটা মনিঅৰ্ডাৰ কৰি উঠি ৰোহনৰ আজি পোন্ধৰ দিনৰ দুখ কস্টখিনি চকুৰে বৈ গৈছে। যোৱা দুটা শনিবাৰৰ দৰে আজি ৰাতিও গ্লৰীয়া মেডামে চাগে তাক নিজৰ কোঠালৈ মাতি নিব। হয়তো তাৰ পিছৰ দুদিন সি বিষত কোঙা হৈ কান্দিব। কিন্তু তাৰ পিচতটো মেডামে তাক স্টুডিঅ'লৈ নিব। হয়তো মাহটো শেষ নহঁওতেই সি আৰু এটা মনিঅৰ্ডাৰ ঘৰলৈ পঠিয়াব পাৰিব। তাৰ বিষত কোঙা হোৱা দেহাটো বাৰু নিমখৰ বোজাৰে ঘাঁ লাগি যোৱা বাবাকৰ দেহাটোৰ মাজত জানো কিবা পাৰ্থক্য আছে? তাৰ সংগীতৰ যাদুত স্তব্ধ গুৰুজীৰ আৰ্শীবাদতেই যদি সি আগুৱাব পাৰে, তেন্তে এইকন কস্ট সি লবই লাগিব। মেডামৰ ঘৰৰ সুস্বাদু খাদ্য আৰু এ. চি.ৰ বতাহৰ মূল্য যদি সি তাৰ দেহাৰ বিনিময়ত দিব লাগে, সি দিবলৈ বাধ্য। মায়া নগৰীত মেডাম আৰু গুৰুজীক বাদ দি সিনো জানে কাক? মাকৰ আঁচলত চকুলো মোহৰাৰ দৰে সি মনিঅৰ্ডাৰৰ শ্লিপখনৰে চকু মোহাৰি আগবাঢ়িল, মেডামৰ ঘৰ অভিমুখে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)