অনুগল্প : ৮৫ অন্ধ
অনুগল্প : ৮৫ অন্ধ
চকুত ক'লা চছমা আৰু হাতত বগা লাঠী লৈ আগবাঢ়ি অহা ল'ৰাটোক নিজৰ কেবিনৰ পৰা উলিয়াই দি জনাৰ্দন বৰাই চিগাৰেটত হোপা মাৰিলে। পি. এ. নয়নাই চিগাৰেটৰ ধোৱাৰ পৰা নিজক বচাবলৈ মুখখনত ৰুমালখন হেঁচা মাৰি ধৰিলে। নিজৰ টেবুলৰ ফালে উঠি যাবলৈ ধৰা বকুল গগৈক ক'লে : আমাৰ অফিচত সুস্থ মানুহহে কাম কৰিব পাৰে। শাৰিৰীক, মানসিক আৰু বৌদ্ধিক ভাৱে অসুস্থ মানুহ ইয়াত কাম কৰাৰ অযোগ্য। মুৰ দুপিয়াই বকুল ওলাই আহিল যদিও মনতে ভাৱিলে অসুস্থ কোন? সেই ল'ৰাটো নে বৰাৰ নিচিনা মানুহ বোৰ যাৰ চিগাৰেট ক'ত খাব লাগে তাৰো নূন্যতম জ্ঞান নাই। নিজৰ টেবুলত বহি বকুলৰ মনলৈ আহিল অন্ধ আছলতে সেই ল'ৰাজন নহয়, বিকলাংগক জাৱৰ বা এলাগী বুলি গন্য কৰা লোকসকলহে।

Comments
Post a Comment