চাইকেল পৰ্ব
#চাইকেল পৰ্ব
দেউতাৰ চাইকেলখন আছিল ২২ ইন্সিৰ হিৰো চাইকেল৷ ভগৱানে আকৌ মোৰ হাত ভৰিৰ হাঁড়বোৰ এফুটমানহে দীঘলীয়া কৰি থৈছিল৷ গতিকে স্কুলত ডেক্সৰ ওপৰত সগৌৰৱে বহি থকা মোৰ কিতাপভৰ্তি বেগটোৰ ফাকেৰেহে মুৰটো দেখা পায়৷ মানে বেন্সত বহি নাথাকিলে হয়তো মই ক্লাছত আছো নে নাই গমেই ধৰিব নোৱাৰি৷ সেয়েহে ডেক্স বেন্স ইফালেসিফালে কৰি ওলোৱা সোমোৱা কৰাতকৈ ডেক্সৰ তলেৰে অহা যোৱা কৰি ভাল পাইছিলো৷ এবাৰ বৰ্মন চাৰৰ বেতৰ কোব খাইহে এই অভ্যাসটো এৰিব বাধ্য হৈছিলো৷
যাহওক, ন দহবছৰীয়া ডেৰ ফুটি মোৰ কাৰণে দেউতাৰ চাইকেলখন চলোৱাটো ডাঙৰ প্ৰত্যাহ্বান আছিল৷ পিছে গাখীৰ অনাৰ পৰা সাউতকৈ দোকানৰ পৰা বিস্কুট অনাৰ নিচিনা কামবোৰ কৰিবলৈ চাইকেল চলাব নাজানিলে কিবা একো নজনা হৈ থকাৰ নিচিনা কথা৷ তাৰোপৰি আবেলি সময়ত চাইকেল চলাব নগ’লে দুই তিনি ঘন্টাৰ সেই সোনালী সময়খিনিৰ সদব্যৱহাৰো কৰা নহয়গে৷
প্ৰথমে হাফ পেডেল মাৰি অলপ সাহস অহাৰ লগে লগে ফুল পেডেল শিকিলোঁ৷ ইতিমধ্যে হাত ভৰি সকলোতে ছাল চামৰা গৈ অৱস্থা নাই৷ কিন্তু চাইকেল শিকাৰ উৎসাহ শৰীৰৰ বিষ কস্টই তলাব পৰা নাই৷ চাইকেলখন বেলেন্স কৰিব পৰা হোৱাৰ লগে লগে চিটত বহি পূৰ্ণ পৰ্যায়ৰ চাইকেল আৰোহী হোৱাৰ তাৰ্গেট আহিল৷
পয়মাল সিমানতে আৰম্ভ হ’ল৷ ২২ ইন্সিৰ উচ্চতা বগাই চলন্ত চাইকেলত উঠি তাক গতি দিয়াৰ পিছত ব্ৰেক মাৰি আঘাতপ্ৰাপ্ত নোহোৱাকৈ অৱতৰণ কৰা কিমান কঠিন সেয়া বুজিব সেইজনেহে যি নিজেই ভুক্তভোগী৷ সহায় নোহোৱাকৈ চাইকেলখনত উঠা বৰ টান৷ সেয়ে বিচাৰি বিচাৰি দুই তিনিঘৰ ওচৰাওচৰিকৈ থকা মানুহৰ জেওৰাৰ কাষ ল’লোগৈ৷ জেওৰাৰ বেৰত চাইকেলখন আওজাই থৈ কোনোমতে চিটত বহি লৈ সো পেডেলডাল ওপৰলৈ কৰি লওঁ৷ তাৰপাছত গাৰ সমস্ত জোৰেৰে সোঁ পেডেলডালত হেঁচা দিও যাতে জেওৰাৰ পৰা হাত এৰা দিয়াৰ পিছত চাইকেলখন বেলেন্স হৈ থাকে৷ তাৰোপৰি বাঁও পেডেলডালো নিৰ্দিষ্ট সময়ত আহি ভৰিত লাগেহি৷ তাৰপাছত পুনৰাবৃত্তি কৰি কৰি কোনোমতে ইঘৰৰ পদূলিৰ জেওৰা পাৰকৰি আনঘৰৰ জেওৰাৰ ওচৰ পাওগৈ৷জেওৰাৰ আঁহ লাগি আঠু আৰু ভৰিত তেজ বিৰিঙিলেও কিন্তু বুদ্ধিটো কামত আহিল৷ চিটত বহি চাইকেল চলাব আৰু বেলেন্স কৰিব জনা হ’লো৷ পিছে জেওৰা নোহোৱাকৈ চাইকেলখন চলোৱাটো তেতিয়াও সম্ভৱ হোৱা নাছিলগৈ৷
এবাৰ দুবাৰ মিলিয়ে চাইকেলখন কেৰিয়াৰৰ ফালে ধৰি দি চলাব দিছিল৷ বল নাথাকিলেও তাই কিবা কিটিপত চাইকেলখন ধৰি দিয়াত কোনোমতে চাইকেল চিটত বহি চলোৱাৰ সেই আপুৰুগীয়া সুখকন লব পৰা হ’লোগৈ৷ লাহে লাহে থৰকবৰক হ’লেও সহায় নোহোৱাকৈ চিটত বহি চাইকেলখন চলাব পৰা হোৱাৰ সেই মাধুৰ্য্যকন বুটলিব আৰম্ভ কৰোঁতেই ঘটনাটো ঘটিল৷
ঘটিল মানে ঘটিলেই৷ ৰাস্তাটো খালী থকা সময়কন আছিল আবেলিৰ আগভাগ৷ মানে তিনি বজাৰ পৰা চাৰি বজাৰ সময়খিনিত বাটৰুৱা বেছি নাথাকে৷ পদূলি সাৰিবলৈও কোনেও বাঢ়নী নোজোৰে৷ বদমাছ আৰু পাকৈত চাইকেল শিকাৰুকেইটাও নাহে৷ সেয়ে এই সোনালী সুযোগতে আমাৰ চাইকেল আখৰা৷ তাৰোপৰি শিকি থকা সময়ত পৰি ছাল বাকলি গ’লেও আনে দেখা নাপায় বা লাজ দিব নোৱাৰে৷ সিদিনাও চাইকেলখন লৈ ওলাই আহিছিলো৷ ৰাস্তাটো একেবাৰে খালী৷ ময়ো চাইকেলৰ চিটত কোনোমতে বহি সোঁপেডেলত সজোৰে হেঁচা দিছোহে৷ হেন্ডেল পোন কৰিব নৌপাওঁতেই ক’ৰপৰা জানো সেই চাইকেলআৰোহী মানুহজন আহি ওলালহি৷ কিবা বুজা বা কৰাৰ আগতেই মুখামুখি সংঘৰ্ষ৷
চাইকেলখন উঠাই ভৰিৰ দুখপোৱা ঠাইখিনি মোহাৰিব লওঁতেই খঙত দুৰ্বাসাৰ ৰূপ লোৱা মানুহজনে দুটামান অশ্লীল শব্দ ব্যৱহাৰ কৰি নিজৰ খংশিঙা বজালে৷ তাৰপাছত মোক সুধিলে চাইকেল কোনফালে চলাব লাগে? মোৰো সাধাৰণ জ্ঞান বহুত ভাল৷ খোজকাঢ়িলে সদায়ে বাঁওহাতৰ ফালেৰে যাব লাগে বুলি শুনিছো৷ কিন্তু চাইকেল একা? পিছে প্ৰশ্ন সুধিলে যেতিয়া উত্তৰ নিদিলে হব জানো? তপৰাই উত্তৰ দিলো ঃ সোঁফালে ৷
বচ্ হৈ গ’ল আৰু৷ বাকীখিনি নিজেই বুজি লওক৷
Comments
Post a Comment