অনুগল্প : উপলব্ধি
অংকুদা মানুহজন বেলেগ৷ সকলোৱে তেওঁৰ জ্ঞানৰ ওচৰত হাৰ মানে আৰু কামোৰৰ উৎপাতত পলাই ফুৰে৷ কৰবাত লগ পালে এৰি নিদিয়ে৷
বিমল , কমলা পছন্দৰ লগত তুলসীৰ মিশ্ৰণটো জোকাৰি থাকোঁতেই কোনফালৰপৰা জানো সন্মুখত প্ৰকট হ’ল তৰ্কিবই নোৱাৰিলো৷ মৰিবি তহঁত৷ মাৰ বাপেৰৰ লগতে চৰকাৰকো থগি আছ তহঁতে৷ মৰিবি সোনকালে৷ হাতৰ ৰিফ্ৰেছাৰটোৰ মিক্সিং যে অথলে যোৱাৰ পথত৷ মুখত দিয়া দুৰৰ কথা হাতত ৰাখিবও যে নোৱাৰিম বুজিবলৈ বাকী নাই৷ : তহঁতে কি পোৱা নাই ক’, চিধাই আক্ৰমণ অংকুদাৰ৷ আন্দোলন কৰি শ্বহীদ হ’ল কোনোবা আলফাত সোমাই নিজৰ লগতে ঘৰখনো শেষ কৰিলে কোনোবাই আৰু তহঁতে? তহঁতৰ শান্তি আৰু প্ৰগতিৰ বাবে তেজ দিলে কোনোবাই আৰু তহতৰ তেজত বিষ সুমুৱাই আহি থকা প্ৰজন্মটোকো নিঃশেষ কৰিব ওলাইছ?
কিবা উত্তৰ দি জ্ঞানৰ পৰিমাণ বঢ়াবলৈ মন নগ’ল৷ ভালনে আপোনাৰ বুলি সুধিব খুজিও ৰৈ গ’লো৷ অংকুদাৰ চকুত জুই৷ হয়তো আৰু কিবা দেখি আহিছে৷ ঘন চুলিখিনিৰ মাজে মাজে পকা চুলি দুই এডালে তেওঁৰ সংঘাত আৰু অস্থিৰ জীৱনটোৰ ছৱি আকিব বিচাৰিছে৷ তেওঁৰ চকুৰ জুই আগতেও দেখিছো৷
হাতৰ গুটখাৰ মিশ্ৰণটো কেতিয়া পেলাই দিলো গমেই নাপালো ৷ অংকুদাৰ আশ্ৰয় শিবিৰত কটোৱা দিন কেইটাৰ বৰ্ণনা কেতিয়া জানো চকুত আগত ভাহি উঠিল ৷
Comments
Post a Comment