দূখৰিয়া
সৰুতে শুনা কাহিনীটো এনেকুৱা৷
: আমিবোৰে ৰাতিপুৱাৰ পৰা শাৰী পাতি থিয় হৈ আছিলো৷ বেলি দুপৰৰ পৰা ডুবিবৰ সময় পাইছিলগৈ৷ ভোকত কলমলাই আছে সকলোবোৰ৷ কিন্তু সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছো৷ আমাৰ অৱস্থা দেখি আমাৰ শিক্ষকসকলৰ মনত বেজাৰ থাকিলেও কোনেও প্ৰকাশ কৰা নাছিল৷ কাৰণ শাৰীত থকা ল’ৰা ছোৱালী খিনি ইফালেসিফাল হোৱাৰ সময়তে যদি আহি পায়হি৷
অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটাই হেলিকপ্তাৰখন আহি পালে৷ তাৰপৰা দুজন ব্যক্তি নামি আহি অলপ জুইশিখা দিলে৷ উপস্থিত চাৰ দুজনে সেই জুইৰে দুগছ বন্তি জ্বলালে৷ এগছি বন্তি পুৱে আৰু আনগছি পশ্চিমে লৈ গৈ দুখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হ’ল৷ নামাকৰণো কৰা হ’ল তেখেতৰ নামেৰেই৷ এখন জৱাহৰলাল আৰু আনখন জৱাহৰজ্যোতি৷
২৭ মে তাৰিখটো এনেকৈয়ে মনত ৰৈ গৈছিল৷ কাৰণ এয়া মাৰ সৰুকালৰ কাহিনী৷ মা সৰু থাকোঁতেই দেখিছিল নেহৰুৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেখেতৰ চিতাৰ জুইৰে জন্ম দিয়া দুখন বিদ্যালয়ৰ কাহিনী৷
নেহৰুৰ নিচিনাকৈ বহু নেতাই বহুতো প্ৰতিশ্ৰুতি দি গৈছে৷ কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি সমাজৰ অগ্ৰগতি সাধন কৰাটো কাৰ দায়িত্ব?
Comments
Post a Comment