মহিমা মাহী
মহিমা মাহী
সৰু ভাইটিৰ চূড়াকৰনৰ সময়ত মই অলপ জনা বুজা হৈছিলো৷ বিশেষকৈ মুখত লিপিস্টিক আৰু চকুত কাজল লগাই অহা দুই এক আলহীৰ গাত যে ৰজনীগন্ধাৰ গোন্ধ আছে আৰু সেই তেনেকুৱা গোন্ধ থকা সৰু বটল এটা যে মাজে সময়ে মুনু পেহীয়েও ব্যৱহাৰ কৰে কথাটো মই জানো৷ পেহীয়ে বটলটো কত লুকুৱাই থয় সেইটো নাজানিলেও চেন্টৰ গোন্ধটো ময়ো ভালেই পাওঁ৷ ককালত পৰি থকা বেণীৰে মহিমা মাহী মুখত পাওদাৰ ঘহি বগা হৈ আহিলেও হাত ভৰিৰ ৰং লুকাব পৰা নাছিল৷ ৰূপৰ টপ এযোৰ পিন্ধি কথাই কথাই ফুৰ্তিত হালিপৰা মাহীৰ ঘন চুলিৰ বেণীডাল এবাৰ চুবলৈ গৈ হে দেখিলো ওকনি ওলোমি আছে৷ মহিমা মাহীৰ ওচৰত আৰু যোৱা নহলেই৷ তাৰপাছত মহিমা মাহী এদিন আহি আমাক বিয়াত মাতি থৈ গৈছিল৷ মোক এৰি মা আৰু সৰু ভাইটি বিয়া খাই আহিছিলগৈ৷
মেট্ৰিক দি দুদিনমান থকাকৈ মামাৰ ঘৰত গৈছিলো৷তেতিয়ালৈ মহিমা মাহীৰ ককাললৈ বৈ পৰা বেণীডাল মজলীয়া আকাৰৰ খোপালৈ পৰিবৰ্তন হৈছিল৷সেন্দূৰৰ দীঘল আঁকডালৰ কাষে কাষে ৰূপালী চুলিও আহিছে৷
মাহীয়ে মাতি নি কাষতে মুঢ়াত বহুৱাই কথা পাতিব ল’লে৷ লাহে লাহে মন কৰিলো কিবা এটা ভেকেটাভেকেট গোন্ধ৷মুঢ়াটোত নবহো বুলি উঠি অহাত গোন্ধটো নোপোৱা হ’লো৷ তামোল কাটি থকা কটাৰী খনৰে মুৰটো খজুৱাই মাহীয়ে কব ল’লেঃ তাৰ মানে তয়ো গোন্ধটো পালি? তহঁত হছৈ দুদিনৰ মুৰে মুৰে চেম্পু কৰা আজিৰ ল’ৰা৷ আমাৰ দেউতাকেও মাহেকীয়া বজাৰৰপৰা এটা বটল আনে৷ ল’ৰা দুটাই দুদিনৰ মুৰে মুৰে চেম্পু কৰে৷ মই আকৌ সোমবাৰে মুৰ ধুব নাপাই শহুৰৰ জন্মবাৰ আছিল বোলে৷ বিয়াৰ পিচদিনাই শাহুৰ কাঢ়া অৰ্ডাৰ৷ মংগলবাৰ আৰু শনিবাৰে আমাৰ শাহুৱে মুৰ ধুব নিদিছিল৷ দেওবাৰে আকৌ কুকিৰ জন্মবাৰ৷ বৃহস্পতিবাৰে দেউতাকৰ জন্মবাৰ৷ শুক্ৰবাৰ আকৌ বাবাৰ জন্মবাৰ৷ বুধবাৰে মাজনীৰ জন্মবাৰ কাৰণে এসপ্তাহ মুৰ ধোও আৰু আনটো সপ্তাহ মুৰ নোধোও৷ যোৱাটো বুধবাৰত দেউতাকৰ সাত নম্বৰ খুড়াকৰ ডাঙৰজনী ঘৈণীয়েকৰ ফালৰ তিনি নম্বৰ ল’ৰাটো পানীত পৰি ঢুকাল৷ হাজাৰ হওক শুদ্ধি নোযোৱালৈকেনো মুৰত তেল চাবোন কেনেকৈ লগাও? আজি বুধবাৰে আকৌ পূৰ্নিমা পৰিল৷ হব আৰু মাত্ৰ সাতটা দিনহে৷ অহা সপ্তাহত ধুম আৰু৷ হো তামোল ল৷ তামোলখন হাতত লৈ বাহিৰৰ ফালে ওলাই আহিলো৷ বমি ভাৱ এটা উজাই আহিছে৷
Comments
Post a Comment