সংস্কৃতিৰ ঢৌ
সংস্কৃতিৰ ঢৌ
আজি কেইদিনমানৰ পৰা বিদেশী ভাষাৰ ছবি বা চিৰিজ চোৱাৰ চখ উঠিছে৷ সিদিনা এখন পাকিস্তানী চিৰিজ চাব ল’লো৷ কাহিনীৰ নায়ক আৰু বিধৱা মাক আমেৰিকাৰ নাগৰিক৷ পিছে মাকৰ এটাই ইচ্ছা বুঢ়ী হৈ আহিছে কোনদিনা সিপুৰীলৈ যাব লগা হব কব নোৱাৰে৷ গতিকে পুতেকে যিমান সোনকালে পাৰে তেওঁক পাকিস্তানৰ নিজৰ ঘৰলৈ নিব লাগে৷ তেওঁৰ মতে আমেৰিকাত থাকিলেও তেওঁৰ বংশৰ মানুহবিলাকৰ পৰা শত যোজন দুৰত৷ ইয়াত সকলোৰে হিয়াত শিল বন্ধা৷গতিকে ইয়াত মৰিবলৈ তেওঁৰ একেবাৰে ইচ্ছা নাই৷ তেওৰ ভাষাত এনেকৈনো কোনে মৰিব যাৰ মৃত্যুৰ শোক এবেলাতে শেষ৷ নিজৰ বংশৰ মানুহে এবছৰলৈ শোকত মৃয়মান হৈ থাকে৷ গতিকে তেওঁৰ চিধাচিধি হুকুম পুতেকে নিজৰ মানুহৰ মাজলৈ তেওঁক ঘুৰাই নিবই লাগিব৷ উপায়হীন পুতেকে চাও বাৰু বুলি কৈ শুবলৈ গ’ল৷ ৰাতিপুৱা মাকৰ মাতত সাৰ পালে৷ মাকে কৈছে কাপোৰ কানি বান্ধি ল আমি পাকিস্তানলৈ গৈ আছো৷ পুতেকে মুখ মেলাৰ আগতেই কৈ দিলে যে মই তোৰ অফিচত ফোন কৰি কৈ দিছো যে মই মৰা কাৰনে তই পাকিস্তানলৈ যাব লগা হৈছে আৰু বিমানৰ টিকেট হৈ গৈছে৷
কাহিনী এনেদৰেই আগবাঢ়ি যায় আৰু সচাকৈয়ে নিজৰ ঘৰৰ দুৱাৰডলি পোৱাৰ পিছতেই মাকৰ মৃত্য হয়৷
এয়া চাগে একো ডাঙৰ কথা নহয় কাৰণ জননী জন্মভূমি স্বৰ্গাদপি গৰীয়সী৷ পিছে মোৰ দৃষ্টিত মহানতা লুকাই আছে আপোনজনৰ মৰমৰ আৱেশতহে৷আমাৰ সমাজত মৃতকৰ পৰিয়ালত এবছৰলৈ কোনো ধৰনৰ মাংগলিক কাৰ্য্য কৰা নহয়৷ এয়া শোক বা শ্ৰদ্ধা দেখুওৱাৰ এক প্ৰকাৰ নিয়ম৷ ভৌগোলিক বা ৰাজনৈতিক ভিন্নতা থাকিলেও ভাৰত উপমহাদেশত এই সংস্কৃতি পালন হৈ আছে৷সচৰাচৰ অন্য দেশৰ সংস্কৃতিত প্ৰতিফলিত নোহোৱা বহুতো সংস্কাৰ আমাৰ দেশৰ আছে৷এয়া আমাৰ পৰিচয়৷ সময়ে বহুবাৰ সলনি কৰিব বিচাৰিছে যদিও আমাৰ একাত্মবোধ সলনি হোৱা নাই৷ আধুনিকতাই মচিব নোৱাৰা এই আত্মীয়তাবোধ আমাৰ সংস্কৃতিৰ দান৷
Comments
Post a Comment