দোখৰ

ৰাস্তাৰ মাজত দুজন মানুহে কথা পাতি আছিল৷ আছলতে ফুটপাথত দোকানৰ ভিৰ থকা  বাবেই তেওঁলোকে তেনেকৈ কথা পাতি আছিল৷ মন কৰিলোঁ অন্য এটা কথাৰ বাবেহে৷  আদহীয়া ব্যক্তি দুজনে ৰাস্তাৰে গৈ থকা বৃদ্ধ এজনক ভালনে চাৰ বুলি মাত দিয়াত  ফুটপাথৰ পাছলি বেপাৰীৰ পাচিটোৰ পৰা চকু গুচাই এপাক ঘুৰি চালো৷ দুয়োজন  ব্যক্তিয়ে চিনাকি দিছে, চাৰ আপুনি আমাক চিলঙত পঢ়াইছিল বুলি, কাৰণ বৃদ্ধজনৰ  চকুয়ে তেওঁলোকক চিনি পোৱা নাছিল৷ পাছলিৰ পইছা দি ময়ো খোজ দিলোঁ৷ মনতো ভাল  লাগিল এইটো ভাবিযে আজি ৰাতি চাগে সেই বৃদ্ধব্যক্তিজনে শান্তিৰে শুব পাৰিব৷  তেওঁৰ জীৱনকালত নিস্বাৰ্থভাৱে কৰা কামৰ কাৰণে তেওঁক স্বীকৃতি দিয়া সেই  আদহীয়া ব্যক্তি দুজনলৈও সন্মানৰ ভাৱ এটাই মনটোক চুই গ’ল৷

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)