আধাৰুৱা

আধাৰুৱা

ভিডিঅ এটা চাই আছিলো৷ অস্ট্ৰেলিয়াৰ এটি মধ্যবিত্ত পৰিয়ালৰ কনিষ্ঠাজনী মানসিক ভাৱে দুৰ্বল৷ কিবা ৰোগত আক্ৰান্ত৷ পৰিয়ালটোৱে বুজি উঠিছে অনাগত দিনবোৰত তাই সন্মুখীন হব লগা পৰিস্থিতিৰ বাবে৷ সেয়ে তাইক স্বাৱলম্বী কৰি তুলিবলৈ তেওঁলোকে নিজৰ সামৰ্থৰে এক পন্থা বিচাৰি উলিয়াইছে৷ প্ৰথমতে নিজৰ ঘৰৰ বাথৰুমত আৰম্ভ কৰা বাগিছাখন এতিয়া বেলকনি খটখটিৰ লগতে ঘৰৰ আটাই কেইটা  কোঠাত বিয়পিছে৷ আয় কম হ’লেও বাগিছাৰ সকলোধৰনৰ আপডাল আৰু কিনা বেচাৰ দায়িত্ব কনিষ্ঠাজনীয়েই কৰে৷ বাকীবোৰে মাত্ৰ তাইক উৎসাহ উদ্দীপনা যোগাই৷ সকলোৰে লক্ষ্য তাইৰ মনোবল বৃদ্ধি কৰি স্বাৱলম্বী কৰি তোলা৷
আমাৰ দেশত বিকলাংগ বুলি অনাদৰ অৱহেলা কৰা মানুহখিনিৰ ভৱিষ্যতো এনেকুৱাই৷ দুই এক  ভাগ্যবানে কিছু চৰকাৰী সা সুবিধাৰ লগতে চাকৰি লবলৈও সক্ষম হৈছে৷কিন্তু বাকীবোৰ?
সকলোৱে স্বাৱলম্বী নোহোৱা মানে সমাজখন পিছুৱাই থকা৷ এতিয়া কথা হৈছে এইখন দেশত নিবনুৱাৰ সংখ্যা অত্যাধিক হাৰত বাঢ়িছে৷ তেনে অৱস্থাত আমি প্ৰশাসনৰ পৰা আন্তঃগাঁথনি উন্নয়নৰ বাহিৰে আন কি কি আশা কৰিব পাৰো?
বিশ্বৰ ভিতৰত মানৱ সম্পদৰ ওপৰত গুৰুত্ব দিয়া অন্যতম দেশ হৈেছ ভাৰতবৰ্ষ৷ এনেখনৰ দেশত উপায় আৰু সুযোগৰ অভাৱ হব নালাগে৷ আমাৰ মানসিকতা কিমান বিশাল আৰু আমি আনক আগবঢ়াত কিমান. সহযোগ কৰিব িবচাৰো সেয়াহে ডাঙৰ কথা৷ আজিৰপৰা বহু বছৰৰ আগতে Black শিৰোনামাৰে এখন কথাছৱি ওলাইছিল৷ ইয়াত অন্ধ আৰু বোবা ছোৱালী এজনীৰ সংঘৰ্ষ আৰু উত্থান দেখিছিলো৷ অৱশ্যে বলীউদৰপৰা কাবিল বা অান বহুত ছৱি ওলাইছে যত দিব্যাংগ জনৰ সংঘৰ্ষ আৰু জীৱন দেখুওৱা হৈছে৷

বাস্তৱ সদায়ে কঠিন আৰু প্ৰতিটো সন্তান জন্মৰ আঁৰত থাকে ঘৰখনৰ দায়িত্ব মুৰত পাতি লোৱাৰ দায়বদ্ধতা৷ সেয়ে যদিহে সন্তানটো বিশেষ ভাৱে অক্ষম হয়, তেন্তে ঘৰৰ মানুহ খিনিৰ মনত ঋনাত্মক চিন্তাই বাহ কৰাটো ধূৰুপ৷ এই মনোভাৱে সমাজখনক গ্ৰাস কৰি পেলাইছে৷ তাৰ পৰা ওলাই অহাটো সহজ নহয়৷ কিন্তু আমি কিছুমান ধনাত্মক চিন্তা বা কাৰ্য্যৰে নিশ্চয় সেই সকল লোকৰ জীৱন সুগম কৰি তুলিব পাৰো৷

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)