ৰাজনীতিৰে পৰিচয়
ৰাজনীতিৰে পৰিচয়ঃ
আজিৰ পৰা দহ পোন্ধৰ বছৰ আগৰ কথা৷ স্কুলীয়া দিন চলি আছিল ৷ আমাৰ সৰুজনীয়ে মাজে মাজে নৃত্য কৰে৷ সেইবাৰ কি উপলক্ষত মনত নাই, কিন্তু তাই কিবা এটা গানত আধুনিক নৃত্য কৰিছে৷ তাইৰ নৃত্য চলি থকা সময়তে সপত্নীক স্থানীয় বিধায়কজনাৰ আগমন হয়৷ তেওঁলোক দুয়োজনাই তাইৰ নৃত্যৰ প্ৰশংসা কৰে আৰু বিধায়কজনাই তাইক এহাজাৰ টকা নগদেৰে উদ্গনিমূলক বটাঁৰে পুৰস্কৃত কৰে৷ অৱশ্যে ভন্টিয়ে প্ৰতিযোগিতাত অংশ লোৱা নাছিল, মাত্ৰ তাই প্ৰদৰ্শনহে কৰিছিল৷ অলপ পিছতে বিধায়ক মহোদয়ৰ পত্নীয়ে নিজেও স্টেজত উঠি আহি নগদ ৫০০ টকা তাইক দিছিল৷
এনেয়ে মই সৰবৰহী আছিলো যদিও সেইদিনা সেইসময়ত মই নাছিলো৷ তাইৰ লগত মা আছিল চাগৈ৷ মই গৈ পাও মানে বিধায়ক মহোদয়ৰ ভাষণৰ অন্ত পৰিছিল আৰু মোটামুটি তেখেত যাবলৈ ওলাইছিল৷ মই মঞ্চৰ ওচৰত থিয় হৈ দৰ্শকৰ মাজত মোৰ ঘৰৰ মানুহবিলাক কত আছে বিচাৰি চকু ফুৰাই আছিলো৷ তেতিয়া এজন দাদাই মোক মাতিলে আৰু ভন্টিয়ে বিধায়কৰ পৰা টকা উপহাৰ পোৱাৰ কথাটো ক’লে৷ মোৰ মনটো ভাল লাগিব লওঁতেই তেওঁ যিষাৰহে ক’লে মই থমকি ৰ’লো৷ তেওঁ ক’লে যে মোৰ মা দেউতাৰ ইমানবোৰ টকা আছে যে আমি বিধায়কৰ পৰা টকা লবই নালাগে৷ তাতেই বিধায়কজন অগপ দলৰ আৰু মোৰ মা - দেউতা কংগ্ৰেছী ( সিদিনা তেওঁৰ মুখতহে প্ৰথমবাৰ শুনিছিলো কথাটো ), গতিকে ভন্টিয়ে পোৱা ডেৰ হাজাৰ টকা আমি হজম কৰিব নোৱাৰিম৷
সিদিনা দাদাজনক দিবলৈ মোৰ উত্তৰ নাছিল কিন্তু ৰাজনীতি যে অকল নেতাই নকৰে সেয়া বুজি পাবলৈ বাকী নাথাকিল৷
মোৰ মা দেউতাই কোন ৰাজনৈতিক দলক সমৰ্থন কৰে সেয়া মোৰ বাবে দৰকাৰী নহয়৷ মই কাক সমৰ্থন কৰো সেয়াও মোৰ মা দেউতাৰ বাবে প্ৰয়োজনীয় নহয়৷ আমাৰ ঘৰত সকলোৰে এইখিনি স্বাধীনতা আছে যে আমি স্বেচ্ছাই নিজৰ কাম কৰিব পাৰো৷ এতিয়ালৈ প্ৰায় পাচবাৰমান ভোট দিলো, কোনোদিনেই আমি কাক ভোট দি আহিলো বুলি ঘৰত সোধা নাই আৰু আমিও কোৱা নাই৷ এয়া এইকাৰণেই যে আমি ইজনে সিজনৰ গণতান্ত্ৰিক অধিকাৰক সন্মান জনাও৷
Comments
Post a Comment