ৰাম পিৰিতী
ৱাচিং পাওদাৰ নিৰমা আৰু লাইভৱই চাবোনেৰে গা মুৰ ধোৱা দিনৰ কথা৷ কথাটো মানে এনেকুৱা, চাবোনৰ ফেনখিনি হাতত জমা কৰি দুয়ো হাতৰ তলুৱাত কিটিপত ৰাখি ফু মাৰি বেলুন বনাব নোৱাৰিলে গা ধোৱা বুলি ঘোষনা কৰিব নোৱাৰা দিনৰ কথা৷
ৰাম পিৰিতী তেতিয়া নতুনকৈ আহিছে৷ অসমীয়া ভাষাৰ কোনটো ৰূপ তাৰ মুখত ফুটে তৰ্কিবই নোৱাৰি৷ হাত আৰু মুখ একেলগে চলে৷ নজনা কথা একো নাই৷ আমিও বোলো ভাগনো কেলেই এৰো? পিৰা মুঢ়া যি পাওঁ থপিয়াই লৈ বহি যাওঁ৷
সেইবাৰ ৰাম পিৰিতী আহিছিল মিঠুনৰ চিনেমাৰ গান গাই গাই৷ নিজৰ চুলিখিনি আঙুলিয়াই ক’লে মিঠুন কাট বুলি৷ মুখৰ পৰা ওলোৱা মাত্ৰেই দুই তিনিজনে লাইন লগালে৷ ৰাম পিৰিতীয়েও এটাৰ পিছত আনটোৰ চুলিত মিঠুনকাট দি গ’ল৷
আবেলি মামা আহি ওলাল আৰু আমাৰো আইতালৈ মনত পৰাত সাজ লাগি ভঙাৰ আগতে গৈ মামাৰ ঘৰ সোমালো৷ ৰাতিটো কোনোমতে পাৰ কৰি পুৱাই দৌৰ দিলো সকলোকে মোৰ মিঠুনকাট দেখাবলৈ৷
এয়া কি৷ সকলোৱে দেখোন মুখ টিপি টিপি হাঁহি আছে৷ ভাল বুলি কোনেও কোৱা নাই৷ অৱশ্যে মোৰ মিঠুনকাট দেখি ঈৰ্ষা লাগিবও পাৰে৷
দুপৰীয়া লাইভৱই চাবোনেৰে ভালকৈ গা পা ধুই মুৰ আছোৰাত কিবা ভাল হোৱা নাই দেখােন৷ আইতাৰ হাতত ফনীখন দি ক’লো চুলিখিনি থিক কৰি দিবলৈ৷ মুৰটো আছুৰি আইতাই ক’লে মিঠুন কাট দিওতে থিকেই দিলে পিছে চুলিখিনি সমানকে কাটিব ৰৈ গ’ল৷ কাইলৈ মামাৰৰ লগত ওলাই গৈ চুলিখিনি থিক কৰাই আনিবি৷ এতিয়া ভাত খাগৈ ব’ল৷ মিঠুনকাটৰ গ্লেমাৰ ইমানতেই ফুচ হ’ল আৰু ৰাম পিৰিতীলে খং বাঢ়ি গ’ল৷
Comments
Post a Comment