সপোন আৰু দিঠক

যাও বুলি কৈ তুমি আতৰি গলা...
মই ডুবি ৰলো সপোন আৰু দিঠকৰ চাকনৈয়াত।
কিমান দুৰ আগুৱালেনো ঘুৰি অহাৰ পথ নাথাকে?
কিমান দুৰ আহিলেনো তোমাক হেৰুওৱাৰ অৱকাশ নাথাকে?
হাঁহি থকা চকুযুৰি নিথৰ হৈ ৰয়
চকুৰ আগত মাথো দীঘল প্ৰতীক্ষা
সময়ে যদি লৈ যায় দুৰলৈ
যাম দিয়া মই ময়ুৰপংখী হৈ।।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)