জ্ঞান বৃক্ষৰ গাঁথা
পাঁচখন গাঁৱৰ ৰাইজে মিলি জ্ঞান বৃক্ষৰোপণ কৰে। কোনোবা মনৰ ধনীয়ে দুবিঘা ভূমি দান কৰিলে। পন্ডিত বিচৰি আনি কোনোবাই নিজৰ চোতালত পজা এটি সাজি দিলে। আনজনে আকৌ বছৰটোৰ জোখেৰে খাবলৈ হক বুলি অলপ মাটিও দিলে। পাঁচগাওৰ পঞ্চাচজন পঢ়ুৱৈ ওলাল। লাহে লাহে পঢ়ুৱৈ, পঢ়াওতা বাঢ়িল। দান দক্ষিণা চান্দাৰ পৰিমাণো বাঢ়িল। এদিন জ্ঞানবৃক্ষ ত ৰজাঘৰীয়াই মোহৰ মাৰে। তাৰ পিছত সেইখন ৰজাঘৰীয়াৰ হয়। ঘিণাৰাম মীনাৰামৰ দান দক্ষিণা স্মৃতিগ্ৰন্থৰ পাতত লীন যায়। লাহে লাহে জ্ঞান বৃক্ষৰ পুলি ওলাই আহে। দুই পুৰুষ বাগৰে মানে জ্ঞান বৃক্ষৰ পৰা ওলোৱা পুলিৰ অৰণ্যত জ্ঞানবৃক্ষ নিশকতীয়া হৈ পৰে। সোনালী ৰঙেৰে সজ্জিত জ্ঞান বৃক্ষৰ ডালত এতিয়া চৰায়ে গাত গাবলৈ এৰিলে। এলাগী গছৰ দৰে হ'ল। ৰজা ঘৰেও আলহীখিনিক বিদায় দিয়ে। এতিয়া ৰাতিৰ আন্ধাৰতো ভৰি দিবলৈ ভয় কৰা অসাধু অপৰাধীয়ে জ্ঞান বৃক্ষৰ ডালত টিঘিলঘিলায়্ । হয়তো জ্ঞানৰ প্ৰপাত তাৰ কোনোবাটো পুলিৰ ভগা খিড়িকি বা বেৰৰ জলঙাৰে বৈ আছে। কিন্তু গা-গছ ডাল এতিয়া নিৰ্বাসিত।
Comments
Post a Comment