য়ে দুনীয়া
হাতখন ভাগিল। চিঞৰি কান্দি কান্দি ডাক্তৰৰ ওচৰ পালোঁ। বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু প্লাস্টাৰ লগোৱা সময়ত মেডিকেল দলটোৱে হাতখন টানি আজুৰি কামখিনি কৰিলে। অচেতন হোৱা দৰৱৰ প্ৰভাৱত অলপ সময়ৰ বাবে বিষটো পাহৰি থাকো। পিছদিনা কামলৈ ওলালো। দহজনে খুন্দা মাৰি আগুৱাই গৈছিল আৰু বিষাই আছেনে সুধিলে। দুজনমানে ধেমালিৰ চলেৰে ভঙা হাতৰ আঙুলিত পিনেৰে খুচি চালে, সুধিলে দুখ পাইছো নেকি বুলি। ঘৰলৈ আহি গৰম পানীৰ সেক ল'বলৈ যাওঁতে অলপ মিহিকৈ খুন্দা লাগিল। আকৌ নিজকে সুধিলো বিষাইছেনে বুলি।
এয়াই হৈছে আমাৰ সমাজ আৰু সামাজিক স্থিতি। প্লাস্টাৰ লাগি থকা হাতখন দেখিও পতিয়ন নাযায়। কিন্তু চিনেমাৰ নায়কৰ চকুপানী দেখি হিয়া ঢাকুৰি বিনায়। আক্ষেপ কৰিও লাভ নাই। উপেক্ষা কৰিলে হয়তো মানসিক ৰোগৰ পৰা বাচিবলৈ পাৰিম।
Comments
Post a Comment