সফলতাৰ প্ৰৱণতা
সফলতাৰ প্ৰৱণতা
শৰশয্যাত পৰি থকা ভীষ্মক দেখা কৰিবলৈ অৰ্জুন আহিল আৰু কথা প্ৰসঙ্গত ভীষ্মই নিজৰ জীৱন অসফল জীৱন বুলি আক্ষেপ কৰে আৰু চকুলো টোকে।
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এঠাইত লিখিছে যে তেওঁৰ জীৱনৰ ভাল কামখিনি বা সফলতা বোৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ আশীৰ্বাদৰ ৰং আৰু ভুল বা বেয়া কামবোৰ একমাত্ৰ তেওঁৰ কৃতকৰ্ম।
সফলতাৰ পৰিভাষা দি ক্ৰিকেটৰ দাদা সৌৰভ গাংগুলীৰ এজন বাল্যবন্ধুৱে ( নামটো পাহৰিলো) কৈছিল যে যাৰ নাম থাকি যায় সিয়ে সফল। তেওঁলোক নিজে পশ্চিম বংগৰ ক্ৰিকেট বৰ্ডৰ সদস্য হোৱা বাবে কৈছিল যে যেতিয়াই ৯৫ৰ পৰা ৯৭ চনৰ সময়চোৱাত জন্ম হোৱা ল'ৰাৰ নাম ক্ৰিকেট বৰ্ডৰ চকুত পৰে, ১০ জনৰ মাজৰ ৭ জনৰ নামেই ওলাই 'সৌৰভ'। কাৰোবাৰ কৰ্মই যদি এটা প্ৰজন্মৰ নামাকৰণ কৰাব পাৰে তেন্তে সেয়াই সফলতা।
ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে মোক সফলতা দিয়া কিন্তু প্ৰভু ইমানো সফল নকৰিবা যে পৰ্বতৰ দৰে উচ্চতাত অৱস্থান কৰি অকলশৰীয়া হৈ পৰো।
ভাৰতৰত্ন আব্দুল কালামে কৈছিল যে জীৱনৰ প্ৰথমটো সফলতা লাভ কৰাৰ পিছত থমকি নৰবা, নহ'লে মানুহে সেয়া সৌভাগ্য বুলি গণ্য কৰিব।
ওপৰোক্ত আটাইবোৰ উক্তিয়ে ভিন্ন আৰু আটাইকেইজন ব্যক্তি নিজৰ দৃষ্টিত শুদ্ধ। কাৰণ সফলতাৰ ৰং সকলোৰে বাবে ভিন্ন। অৱশ্যে এয়াও মানো যে পদে পদে সফল ব্যক্তিজনৰ মনোবল মাজে মধ্যে সফল ব্যক্তি জনৰ তুলনাত অধিক। প্ৰথম জনৰ সফলতা হয়তো সকলোৰে চকুত পৰে আৰু আশা আকাংক্ষা বাঢ়ি যায়, ঘনিষ্ঠ সকলৰ।
বিফলবোৰৰ একা? চকুপানী, হতাশাগ্ৰস্ততা নে বিদায় ধৰণী? নিশ্চয় নহয়। বিফলবোৰে যুঁজ দি থাকিব লাগিব সফলবোৰৰ দৰেকৈয়ে। সময়ে নিশ্চয় ফল দিব, সমাজে দিয়ক বা নিদিয়ক।
বহুতো এনে ব্যক্তি আছে যিয়ে মৃত্যুৰ পিছতহে স্বীকৃতি লাভ কৰিছে। গতিকে সফলতাৰ প্ৰৱণতা অহৰহ কঢ়িয়াই ফুৰিব লাগিব।
কাইলৈৰ ভিতৰত বহুতো অসমীয়া ল'ৰা ছোৱালীৰ ভাগ্য নহয় কৰ্মফল ওলাব। সকলোকে এই ফলাফলক খোপান হিচাপে গণ্য কৰি আগবাঢ়ি যাবলৈ অনুৰোধ জনালোঁ।
Comments
Post a Comment