কেলেণ্ডাৰ
ৰিমনে কেলেণ্ডাৰ খনলৈ চকু ফুৰাই থকা বাবে মনোজে হাঁহিলে। কাম নাই বুজিছ, কাম নাই।
মনোজৰ হাঁহি আৰু মন্তব্য শুনি ৰিমনে সুধিলে কি হ'ল, মই কি চাই আছোঁ, তই কি জান, কাম নাই বুলি কৈছ যে?
সঁচা কথা কৈছোঁ আকৌ। বেয়া নাপাবি কিন্তু কাম নাই।
প্ৰশ্নবোধক চাৱনীৰ উত্তৰ দিবলৈ গৈ মনোজে চিগাৰেটটো শেষ বাৰৰ বাবে দীঘলীয়া হোপা এটা মাৰি দূৰলৈ দলিয়াই দিয়ে আৰু ক'লে শুন। মই জানো, তোৰ চকু কেলেণ্ডাৰ খনৰ নম্বৰ বা আখৰ কেইটাত নাই। কেলেণ্ডাৰ খন শুৱনি কৰা ছোৱালী জনীৰ চকু আৰু মুখতহে। কিন্তু লাভ নাই।
ৰিমনে অলপ বিৰক্ত হোৱা দেখি মনোজে হাঁহিলে আৰু ক'লে, শুন আমি ভাবোঁ জীৱন বৰ সহজ বুলি। পঢ়া-শুনা, ধুনীয়া ছোৱালীৰ প্ৰেমত পৰা বিয়া কৰোৱা ইত্যাদি ইত্যাদি। কিন্তু আমাৰ জীৱনৰ আৰম্ভনিয়েই কেলেণ্ডাৰ। জন্মৰ আগৰ পৰাই মা দেউতাই দিন গণি থাকে। উৎকন্ঠাৰ শেষত এটা দিন আহে, ওপজা দিনটো। স্কুলত ভৰি দিয়াৰ আগলৈকে আমি এটা দিনৰেই হিচাপ ৰাখোঁ, জন্ম দিনটোৰ। স্কুল আৰম্ভ হোৱাৰ পৰা দেওবাৰটো ভাল লগা হয়। আঙুলিৰ মূৰত হিচাপ কৰোঁ আৰু কেইটা দিনৰ পাছত দেওবাৰটো আহিব!! অলপ ডাঙৰ হোৱাৰ লগে লগে বাৰৰ হিচাপ, সোমবাৰে গানৰ মঙ্গলবাৰে ছৱিৰ ক্লাছ। কেলেণ্ডাৰ খন এতিয়া চিনি পোৱা হৈ উঠো। ৰঙা দাগটোৰে জিলিকি থকা বন্ধৰ দিন কেইটালৈ অপেক্ষা কৰিব ধৰো।
ইফালে মন কৰোঁ ঘৰখন একেখন কেলেণ্ডাৰৰ হিচাপত নচলে। মায়ে যদি বহাগ জেঠৰ হিচাপ ৰাখিছে দেউতাই আকৌ একদশী পূৰ্ণিমাৰ কেলেণ্ডাৰ মতে চলি আছে। পথাৰলৈ যাব ওলোৱা তৰুণ দদাইদেৱে আকৌ আহু শালিৰ কেলেণ্ডাৰ মতে চলি আছে।
পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব বুলি কোৱাত চহৰলৈ আহি দেখিলোঁ আন এক কেলেণ্ডাৰ। কলেজৰ পাছত পৰীক্ষাৰ পিছত পৰীক্ষাৰ কেলেণ্ডাৰ। এটাৰ পিছত আনটো লানি নিচিগা কাৰবাৰ। কোন চনৰ কোন তাৰিখে কোন বাৰে কাৰ জন্ম, মৃত্যু, বিদেশ ভ্ৰমণ, আক্ৰমণ, গোচৰ, জয় পৰাজয়, আৰু কতযে কি!! লগৰবোৰৰ জন্ম দিনত শুভেচ্ছা জনাবলৈও কেলেণ্ডাৰ। পৰীক্ষা দুটা মান দিবলৈ পঢ়িব বহিবি তাতো তাৰিখ, দিন বাৰ, হেন দিৱস, তেন দিৱস, হেন আন্তঃৰাষ্ট্ৰীয় দিৱস... পাগল হৈ যাবি বুজিছ।
চাকৰি এটাত সোমাই, পিছদিনাৰ পৰা আন এখন কেলেণ্ডাৰ, ইমান তাৰিখে অমুক ৰিপ'ৰ্ট, ইমান তাৰিখে তমুক মিটিং, মাহৰ শেষ, বছৰৰ শেষ.... উহ..!
ঘৰলৈ উভতি আহি টিভিটো চলাই দে, টিভিৰ ৰিছাৰ্জ দিন। দুদিন পাছত মোবাইলৰ। বিজুলী, খবৰ কাগজ, গাখীৰ ,পানী, ঘৰভাড়া, গাড়ী চাৰ্ভিচিং ...শেষ নোহোৱা কেলেণ্ডাৰৰ দাগ। সন্তান সন্ততিৰ কথা ভাবি আছ যদি আৰু এখন বেলেগ কেলেণ্ডাৰ।
মুঠৰ ওপৰত কেলেণ্ডাৰ আৰু কেলেণ্ডাৰ। ইন্সুৰেঞ্চৰ প্ৰিমিয়াম, বেংকৰ কেৱাইচি এইবোৰটো আছেই। এই নিগনিৰ দৌৰত উশাহ হেৰাই যায়, কিন্তু কেলেণ্ডাৰ হেৰাই নাযায়। সলনি হয় তাৰিখ, জীৱন চলিয়েই থাকে নতুন নতুন কেলেণ্ডাৰৰ পাতত।
তোক সেই কাৰণেই কাম নাই বুলি কৈছোঁ। দায়িত্বশীল নহৈ জীৱনটো বৰ্বাদ কৰোঁ বুলি ভাবিলেও কিন্তু কোনোবা নহয় কোনোবা এখন কেলেণ্ডাৰে তোক খেদি ফুৰিব।
মনোজৰ কথা শুনি ৰিমনেও ভাবিলে ই দেখিছোঁ কেলেণ্ডাৰত গৱেষণা কৰি থৈছে। পিছে মোৰ পৰা ধাৰলৈ লোৱা টকা কেইটা বা কোনখন কেলেণ্ডাৰৰ দিন মতে ঘুৰাই দিয়ে???
Comments
Post a Comment