ভগা আইনা ২


(ক)
আনদিনাৰ দৰেই গীতিকাই জয়ন্তক ভাত বাঢ়ি দিলে। ৰাতিৰ হাঁহৰ মাংসখিনিও গৰম কৰি দিলে। জয়ন্তই ভাত খোৱা হোৱালৈকে গীতিকাৰ তামোল কাটি বটাত সজোয়া হৈ গৈছে। ৰুহিক উঠিবলৈ আকৌ এবাৰ চিঞৰি বজাৰৰ লিষ্টখন আকৌ এবাৰ চকু ফুৰাই বটাখনৰ ওপৰত থ'লে। জয়ন্তৰ কৰ্মক্ষেত্ৰ ঘৰৰ পৰা প্ৰায় ১০০ কিঃমিঃ দূৰত। দোকমোকালিতে উঠি ঘৰৰ কাম কাজ শেষ কৰি ছয় বজাত ঘৰ এৰে। ল'ৰাটো সৰু, চাৰি বছৰীয়া, সি গমেই নাপায় দেউতাক কেতিয়া ঘৰৰ পৰা ওলাই যায়। ছোৱালী জনী সাত বছৰীয়া। পাপাকক ব্ৰাছ কৰি কৰিয়েই বিদায় দিয়ে তাই।
জয়ন্ত ওলাই যোৱাৰ পাছত ছোৱালী জনীৰ স্কুল বেগটো চালে গীতিকাই। ৰেডি কৰে মানে ফোনটো বাজি উঠে। কোনোবা অচিন কন্ঠৰ স্বৰ, জয়ন্তৰ ফোনটোৰেঃ হেল্লʼ হেল্লʼ এক্সিডেন্ট....!
গীতিকাৰ চকু মেল খাই মানে বাহিৰত ভীৰ। ভনীয়েকে সুধিলে বাইদেউ টকা অলপ লাগিছিল। বগা কাপোৰ, ঘিউ আৰু ধূপৰ কাৰণে। বেগটো ক'ত আছে? গীতিকাই দেখুওৱা স্থানৰ পৰা বেগেই নহয় আন ঠাইতো বিচাৰি চলাথ কৰিও গীতিকাৰ ভনীয়েক ৰিতিকাই মাত্ৰ চল্লিশ টকাহে পালে। সেইখিনি নি তাই তপনক দি ক'লে, জানই দেখোন ভিনিদেৱে ত্ৰিশ হাজাৰৰো অধিক দৰ্মহা পালেও বাইদেৱক এটকাও চুবলৈ নিদিয়ে। এইখিনি চাগে মাইনাহতৰ জমাৰ টকা। এইখিনি লৈয়ে যা, যি পাৰ আনিবি। লগতে দাদাক কবি কাম কাজ চলাবলৈ টকা যোগাৰ কৰিবলৈ। এটিএমৰ পিন দূৰৰ কথা, বাইদেৱে চাগে আজিলৈকে এটিএম কাৰ্ডখন চুয়েই পোৱা নাই।

(খ)

গৌৰীৰ স্বামী কৰ্মসূত্ৰে দূৰৈত থাকে। ল'ৰা ছোৱালী হাল, শাহু শহুৰৰ লগতে ঘৰখনৰ সমস্ত দায়িত্ব মূৰত লৈ গৌৰীৰ সংসাৰ।
এটা ফোন কল আৰু গৌৰীৰ জীৱন স্তব্ধ। পূজাৰ বজাৰ কৰিবলৈ গোটাই থোৱা হেঁপাহখিনিৰে গৌৰী এতিয়া দৌৰিছে পুলিচৰ পিছে পিছে। ধৱলে কিহৰ বাবে আত্ম হত্যা কৰিলে গৌৰীয়ে ভাৱি ভাৱি পাগল হৈ গৈছে। যোৱা দুমাহ ঘৰলৈ কাম থকা বুলি অহা নাছিল। কিন্তু পুলিচৰ অনুসন্ধানত দুমাহ আগলৈকে লাখ টকা জমা থকা ধৱলৰ একাউণ্টত এটকাও নাই। বিভিন্ন জনে ফোনত তাইক ধৱলে টকা ধাৰ লোৱা বুলি কৈ টকা আদায় দিবলৈ ভাবুকি দিছে। মদ ভাং নাখাই বুলি জনা মানুহজনৰ কোঠাত বটলৰ দম। উহ পাগল হৈ যাব গৌৰী। ধৱলৰ কোনখন ছবি তাই জানে? বৈবাহিক জীৱনৰ দহটা বছৰত তাই নিজৰ মানুহজনকে চিনি নেপালে??
আদ্য শ্ৰাদ্ধৰ পিছত গৌৰীয়ে ধাৰখিনি মাৰিবলৈ নেকলেছ ডালকেই বিক্ৰী কৰোঁ বুলি ট্ৰাংকটো খুলিলে। তাইৰ পছন্দ মতেই মʼৰা পাখিৰ ডিজাইন থকা নেকলেছডাল দেউতাকে বিয়াৰ বাবে গঢ়াই দিছিল। গৌৰীৰ মূৰটো আছন্দ্ৰাই কৰিব এতিয়া।!! এয়া কি? নেকলেছডাল থোৱা নীলা বক্সটোৰ ভিতৰত দেখোন ধৱলৰ ফটোৰে সৈতে গল্ডলোনৰ কাগজ, তাকো চাৰিমাহ পুৰণি।

(গ)

পূজাৰ মুম্বাইত বেছি দিন হোৱা নাই। চাকৰি এটা পাই গুছি আহিল তাই। ঘৰৰ মানুহে আপত্তি কৰিছিল যদিও তাই নুশুনিলে। চাকৰিৰ প্ৰয়োজনতকৈ তাইৰ বাবে প্ৰয়োজন ডাৱৰৰ ওচৰত থকা। ডাৱৰে তাইক ভাল পোৱাৰ প্ৰস্তাৱ কেবাবাৰো দিছে। তাইহে নিজৰ আৰ্থিক স্বাৱলম্বিতাৰ বাবে যুঁজি আছে। সেয়েহে তাই চাকৰিটো পাই গুছি আহিল।
আজি ৰৱিবাৰ । পূজাৰ মনতো বৰ ভাল লাগি আছে। সোনকালেই সাজি কাছি তাই ডাৱৰৰ ঠিকনাটোত উপস্থিত হ'ল। কলিংবেলৰ শব্দত চকু মোহাৰি মোহাৰি ছোৱালী এজনীয়ে দুৱাৰ খুলি দিলে। নিজকে চম্ভালি পূজা ভিতৰত সোমাল। এটা ডাঙৰ কোঠাত এখন বিছনা, সৰুকৈ পাকঘৰ আৰু বাথৰুমটো দেখি পূজাৰ বুজিবলৈ আউল নালাগিল। ৰাঞ্চাই দিয়া কফিকাপ খাই তাই ওলাই আহিল জুহুৰ ফালে।ৰাঞ্চাৰ লগত তিনিবছৰীয়া সহবাস কৰাৰ পিছতো ডাৱৰৰ এনেকুৱা কি তাগিদা আছিল যে শৈশৱৰ বান্ধৱী পূজাক যোৱা দুবছৰত কমেও এশবাৰ ভালপোৱাৰ, বিয়াৰ প্ৰস্তাব দিছে? আৰৱ সাগৰৰ ঢৌৱে তাইৰ নিমখীয়া চকুপানী খিনি শুহি ল'ব পাৰিবনে?

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)