(ক) ডাক্তৰৰ চেম্বৰৰ পৰা ওলাই দিগু ৰাস্তা পাৰ হ'ব লৈছিল, সাউতকৈ মদনমোহনৰ ৰঙা চিডানখন পাৰ হৈ যোৱা দেখিলে। মুখৰ গুৱালগালিখিনি গুটখা মিহলি ৰঙা পিকখিনিৰে ৰাস্তাত থুৱাই সি আগুৱাই গ'ল। দৰৱৰ টকাখিনি দিয়ে মানে তাৰ তিনি দিনৰ হাজিৰাখিনি শেষেই হ'ল। দুটা মান দৰৱ ল'ব নোৱাৰি খংটো উঠিছিল যদিও সি বুজি পালে তাৰ নিচিনা মানুহৰ খং বা ক্ষোভেৰে নিজৰ অপকাৰ কৰাহে হয়। দুখ কষ্টেৰে ভৰা জীৱন নিৰ্বাহ কৰিবলৈকে তাৰ জন্ম হৈছে আৰু পৰিস্থিতিৰ সলনি নহয়। থানেশ্বৰৰ ভাল ব্যৱহাৰ আৰু দক্ষতাৰ ভিত্তিতেই নীপকোৰ চাকৰিটো পাইছিল। ডালিম মহৰীয়ে প্ৰায়েই তাৰ কামৰ প্ৰসংশা কৰা হৈছিল আৰু ভায়েক মুকুটৰ ছোৱালী দিপিকাৰ বাবে উপযুক্ত পাত্ৰ পোৱা বুলি ভাবিছিল। ডালিম মহৰীৰ কথাা মতেই এদিন মুকুটে থানেশ্বৰৰ ঘৰত পাণ তামোল আগবঢ়াই দিলে। কইনাৰ আঙুঠিৰ জোখ লৈ ঘৰলৈ ঘূৰি যোৱা থানেশ্বৰ আৰু উপযুক্ত পাত্ৰ হৈ থাকিব নোৱাৰিলে। দিপিকাৰ প্ৰাণমন চুৰ কৰা মদনমোহনৰ লাঠিৰ আঘাতে থানেশ্বৰৰ মগজুৰ খোলা ভাঙি জীৱন্তে মৃত ঘোষণা কৰা সময়ত দিগুৰ বয়স আছিল মাত্ৰ দহ বছৰ। যোৱা বিছ বছৰ আধাবলীয়া মানুহটোৰ নামত ঘৰখনৰ কামিহাড় ভাঙি গৈছে। মদনমোহনৰ এতিয়াা দিপিকা...