মন মহাৰ্ণৱ

মোৰ সোণ। দিনে দিনে তুমি মৰমলগা হৈ পৰিছা। তোমাৰ চকু আৰু মুখত হাঁহি দেখি মই সকলো বোৰ পাহৰি থাকো। মোৰ জীৱনৰ কোনো স্থিৰতা নাই। আৰ্থিকভাৱে জুৰুলা, সামাজিক ভাৱে স্পৰ্শকাতৰ আৰু সমস্যাৰ অন্ত নাই। কিন্তু এইবোৰৰ বিষয়ে ভাৱিবলৈ মন নাযায়। কেৱল তোমাৰ লগত সময় কটায় থাকিবলৈ মন যায়।
তোমাৰ থুপুক থাপাক খোজ আৰু বিৰবিৰাই ম... ম... বুলি মাতিলে মই যেন পমি যাম। মোৰ হৈ থাকিবা নে সোণ, কোনো দিনেই ভাল কথা আৰু কাম বাদ দি অন্য চিন্তা নানিবা। মোৰ অস্তিত্ব তুমি গঢ়িবা দেই জান।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)