ঐতিহ্য আৰু আমি
সৰুতে আমি এটা জনশ্ৰুতি শুনিছিলো। আমাৰ ঘৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ মান দূৰত এটা শিলাখণ্ড আছে। শিলটো হেনো বাঢ়ি গৈ আছে। আমাৰ দেউতা খুড়া যেতিয়া সৰু আছিল শিলটো এখন টেবুলৰ সমান আছিল। মই যেতিয়া শিলটো প্ৰথম দেখিছিলো সেইটো শিল দীঘলে পুতলে কমেও পোন্ধৰৰ পৰা বিশেষ মিটাৰৰ ভিতৰত হ'ব লাগে। ডাঙৰ আকাৰৰ বাবেই ইয়াক বৰশিল নামাকৰণ কৰা হৈছিল। এতিয়া বৰশিলৰ ওচৰত এটা সৰু প্ৰচণ্ড ক'লা শিল আছে। বৰশিলটো বগা নহ'লেও বতাহ বৰষুণৰ কোবত ক'লা তৰপ আছে। কিন্তু সৰুশিলটো শালগ্ৰামৰ দৰেই ক'লা। প্ৰবাদমতে সেই সৰু শিলটো এক অভিশপ্ত অপ্সৰা। নাম পুষ্পভদ্ৰা। পুষ্পভদ্ৰাৰ ক'লা ৰঙটো অলপ অলপকৈ ম্লান হৈ আধামান শুভ্ৰ হৈ পৰিছে। আমি শুনি অহা জনশ্ৰুতি মতে হাজোত শাল আৰু পোৱামক্কাত তালগছ গজিবৰ দিনাই পুষ্পভদ্ৰাৰ ৰং সম্পূৰ্ণ ৰূপে শুভ্ৰ হৈ পৰিব আৰু পুষ্পভদ্ৰাৰ মুক্তি হ'ব। ধাৰাষাৰ বৰষুণ হ'ব আৰু ব্ৰহ্মপুত্ৰৰ সোত সলনি হৈ মান্দাকাটা পাহাৰৰ মাজেৰে নদটোৱে ভাজ লাগিব। তেতিয়া উমানন্দৰ স্থানত বৰশিল নদীদ্বীপ হ'ব।
এই জনশ্ৰুতিক লৈ বাক বিতন্দা কৰিব পাৰি। কিন্তু মোৰ কথা হল আজি ৰামমন্দিৰ নিৰ্মাণক লৈ জনতাই আনন্দ কৰি আছে, কাৰণ মন্দিৰটো ভগ্নস্তুপৰ ঠাইতে নৱনিৰ্মিত কৰিবলৈ লৈছে। আমাৰ ওচৰে পাজৰেও এনে বহুতো সৰু সুৰা ঠান বা মন্দিৰ আছে যাৰ কাহিনী আমি হয়তো এটা সময়ত পাহৰি যাম। কোনোবাই কিবা গৱেষণা কৰিছে যদিও সেয়া হয়তো সকলোৰে জ্ঞাত নহয়। সেয়েহে আহক এক শৃংখলা গঢ়ি তোলো, আপোনাৰ মোৰ ওচৰত থকা এনে জনশ্ৰুতি বা মঠ মন্দিৰ বা ধৰ্মীয় অনুষ্ঠানৰ কথা প্ৰচাৰ কৰোঁ।
Comments
Post a Comment