অভিজ্ঞ

আজি আহো এটা নতুন বিষয় লৈ। আমি সকলোৱে আশাকৰোঁ কাৰো যাতে বেয়া দিন নাহক। কিন্তু প্ৰকৃততে বাস্তৱত তেনেকুৱা নহয়। তেতিয়া আমি মনতে ভাৱো ভাল দিনবোৰত অলপ অলপকৈ হ'লেও কিবা এটা কৰা হ'লে!!!
অৱশ্যে আজি কালি আমিবোৰে অলপ জনা হৈছোঁ আৰু সকলোৱে পাৰ্যমতে কিবা নহয় কিবা পলিচি লৈ থৈছোঁ। আজি কম মেডিকেল পলিচিৰ বিষয়ে।
ধৰি ল'লো আপোনাৰ দহ লাখ টকাৰ পলিচি লৈ থৈছে আৰু চিন্তা মুক্ত হৈ আছে। কিন্তু যিদিনা আপুনি হস্পিটেলত পৰি থাকিব, সেই পলিচিৰ চৰ্তত উঠা বহা কৰিব আপোনাৰ ঘৰৰ মানুহে। আকৌ প্ৰাৰ্থনা জনাইছোঁ, কাৰো জীৱনত এনেকুৱা দিন নাহক। গতিকে প্ৰথম নিজে নোৱাৰে যদি আনৰ হতুৱাই পঢ়ি হ'লেও চৰ্ত বিলাক বুজি ল'ব লাগে। কিছুমান পলিচিত আপোনাৰ একেটা বেমাৰৰ বাবে দুবাৰতকৈ বেছি আবেদন গ্ৰহণ নকৰে। উদাহৰণ স্বৰূপে ধৰি লোৱা হ'ল কিডনী স্টনৰ কভাৰেজ আছে। আপোনাৰ যদি দুবাৰ ইতিমধ্যে পলিচিৰ সহায়ত চিকিৎসা হৈছে তেন্তে তৃতীয়বাৰ তেওঁলোকে পলিচিৰ সুবিধা নিদিব পাৰে।
অধিকাংশ মেটাৰ্নিটি কেচত এনেকুৱা হয় যে মাকৰ চিকিৎসা পলিচিৰ ভিতৰত পৰে কিন্তু শিশুটোৰ নামত টকা ভৰিবলগীয়া হয়। কাৰণ পলিচিখনত মাকৰ নাম আছে, শিশুটোৰ নাম নাই।
চিকিৎসা চলি থকা সময়ত ৰোগীৰ লগত থকা জনে দৰৱটো বিচাৰে বা কিছুমান ব্যক্তিগত খণ্ডৰ হস্পিটেলত বাহিৰৰ পৰা আনিবলগীয়া দৰৱ কেইটা বাদ দি বাকীখিনি তেওঁলোকে নিজে যোগান ধৰে। এতিয়া আপুনি কি দৰৱ লিখিছে আৰু কি দৰৱ খুৱাইছে মন নকৰে। মাথোঁ প্ৰাৰ্থনা জনায় যাতে ৰোগীয়ে সোনকালেই আৰোগ্য লাভ কৰক। খেলখন তাতেই। আপুনি যিমানেই নাৰ্ভাছ হ'ব দৰৱৰ খেলখনো সিমানেই চলিব। আপুনি ভাৱে যে সকলো মেডিক্লেমৰ জৰিয়তে সমাধান হ'ব। একদম নহয়। ব্যক্তিগত খণ্ডত হ'লে প্ৰায় ৪০-৬০% বিল আপোনাৰ পকেটৰ পৰা যাব। চৰকাৰীৰ কথা বেলেগ।
কেনেকৈ হয় কৈছোঁ ৰৱ, প্ৰথম পলিচিৰ ভিতৰত থকা ননমেডিকেল খৰছ বোৰৰ দীঘলীয়া তালিকাখন আপুনি নাজানে য'ত আপোনাৰ নেপকিন, গ্লভচৰ পৰা আদি কৰি ভিটামিনলৈকে সকলোবোৰ সামৰি থোৱা আছে। গতিকে আপুনি নাজানে ডাক্তৰে লিখি দিয়া দৰৱটো সেইখন তালিকাৰ অন্তৰ্ভুক্ত হয়নে নহয়। গতিকে আপোনাৰ বিলৰ পৰিমাণো এনেকৈয়ে বাঢ়ি যায়।

এতিয়া আহো তালিকাভূক্ত আৰু অন্যান্য হস্পিটেলৰ কথালৈ। প্ৰতিখন পলিচিৰ মতে কোনোবা নহয় কোনোবা হস্পিটেলৰ লগত তেওঁলোকৰ নেটৱৰ্ক থাকে। আপুনি যদি নেটৱৰ্ক হস্পিটেলত চিকিৎসা কৰে, পলিচিৰ কাৰ্ডখন আৰু যাৱতীয় তথ্য দেখুৱাই চিকিৎসা কৰিব পাৰে। কিন্তু যদি নেটৱৰ্ক হস্পিটেলত চিকিৎসা নহয়, তেন্তে সকলো বিলৰ অৰিজিনেল কপি জমা কৰি টকাখিনিৰ বাবে ক্লেম কৰিব পাৰে। এতিয়া ক্লেম কৰিবলৈ যাওঁতে আপোনাৰ ধৰক বিল দিছিল এক লাখ টকাৰ আৰু চেটলমেন্ট এমাউন্ট পালে পঞ্চাছ হাজাৰ। বাকী টকা কলৈ গ'ল? প্ৰথম কথা, আপুনি জমা দিয়া বিলখনত তাৰিখ আৰু ছিৰিয়েল নম্বৰ আছেনে, চাইছিল জানো? দ্বিতীয়তে, ক'ৰবাত এডভাঞ্চ শব্দটো আহিছে নেকি? তৃতীয়তে , বিলখনত জিএছটি বা ফাৰ্মাছিৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছেনে? চতুৰ্থতে ননমেডিকেল আইটেমৰ বিল নেকি? পঞ্চমতে বিলখনত লিখা দৰৱৰ নাম , দাম ইত্যাদি স্পষ্ট হয়নে নহয়? এই আটাইকেইটা কথাৰ যদিহে উত্তৰ আছে নিশ্চিত ভাৱে গম পাব আপোনাক কোনে, কেতিয়া আৰু কেনেকৈ ঠগিলে!!
শেষত আহো চৰ্তৰ পৰিসৰৰ বিষয়ত। বজাৰত ইমানবোৰ বিকল্প আছে কিন্তু আপুনি যেতিয়া পলিচিখন কৰিছিল, চৰ্তবোৰত চকু ফুৰাবলৈ সময় পোৱা নাছিল বা কথাটোত গুৰুত্ব দিয়া নাছিল। এতিয়াও দেৰি হোৱা নাই ঘৰত ভালকৈ পঢ়ক, বুজক আৰু পৰিয়ালৰ লগত আলোচনা কৰক। আপুনি হস্পিটেলত ভৰ্তি হোৱাৰ সময়ত তেওঁলোকৰ যাতে পয়মাল নহয়। শেষত আটাইৰে সুস্বাস্থ্য কামনা কৰিলো।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)