***তিনি জোপা গছৰ সৰাপাত
***তিনি জোপা গছৰ সৰাপাত***
পাঠশালাৰ দিনকেইটা তিনিজোপা গছৰ স্মৃতিৰে ভৰি আছে। এলপি স্কুলত পঢ়ো বুলি কোৱাতকৈ আমি পাঠশালাত পঢ়ি আছোঁ বুলি কৈয়েই ভাল পাইছিলো। কোনোবাই কোন শ্ৰেণীত পঢ়ি আছা বুলি সুধিলে ক মান, খ মান বুলি কোৱা স্বভাৱটোও আছিল তেতিয়া। তৃতীয় শ্ৰেণী পোৱাৰ পাছতহে মান শব্দটো গুচাই শ্ৰেণী বুলি কোৱা আৰম্ভ কৰিছিলোঁ।😀
আমি পঢ়ি থকা কালত স্কুলঘৰটো আছিল এটা অফিচ আৰু এটা হল, য'ত চাৰিটা শ্ৰেণীৰ পাঠদান কৰা হৈছিল আৰু আমি যেতিয়াই মন যায় তেতিয়াই কোন শ্ৰেণীত কোনে কাণত ধৰি থিয় হৈ আছে চাই ল'ব ও পাৰিছিলো।😂
কদম গছজোপা আমাৰ অতি মৰমৰ আছিল। সৰুপানী চূবলৈ যোৱা বা পানী খোৱাৰ বাহানাৰে কদমৰ তলসৰা ফলবোৰ আনি ফলি ,(শ্লেট, আমাৰ ভাষাত চিল্লাথ্) মচা বা চাফ কৰা কামটো কৰিছিলোঁ। যিহেতু আমাৰ দিনত প্ৰতিটো শ্ৰেণীত কমেও বিশ পচিশটা ল'ৰা ছোৱালীৰে ভৰি থাকিছিল সেয়ে ওপৰোক্ত দুই কৰ্মৰ বাবে আমাৰ পায়চাৰীও বেছি হৈছিল 😃।
দ্বিতীয় ডাল গছ আছিল চিলভাৰ পাইন। আমি অৱশ্যে সৰল গছ বুলি কৈছিলো। এই জোপা গছৰ শিপা খিনিহে আমাৰ কামৰ আছিল। গছজোপাৰ গুৰিটোৰ কিছু অংশ মাটিৰ ওপৰত আছিল আৰু তাত বহিবলৈ সুবিধা আছিল। গছৰ তলত নেওতা মুখস্থ মাতা বা কবিতা পঢ়িবলৈ থাকিলে সেই গুৰিটোত থিয় হৈ দিছিলোঁ। এয়া আছিল আমাৰ বাবে পৰম সুখ। বৰষুণৰ দিন কেইটা বাদ দি বছৰটোৰ বেছিভাগ দিন এইজোপা গছৰ তলত পাঠগ্ৰহণ কৰা হৈছিল। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰে আমি কনলʼৰা ছোৱালী বোৰ বাহিৰত থাকিলে ভালেই পাইছিল আৰু আমাৰো ভাল লাগিছিল।
তৃতীয় জোপা গছ আছিল খেজুৰ। গৰমৰ দিনত লোমা লোমে খেজুৰ লাগে। পাঠশালাৰ ডাঙৰ দীঘল আৰু বল জোৰ থকা লীডাৰ বোৰে শিলগুটি বা ফৰ্মূটি দলিয়াই আৰু আমাৰ দৰে নিশকতীয়া বোৰে তাকে বুটলি দিয়াৰ বাবদ মাননি হিচাপে কেইটামান পাওঁ। 😂 অৱশ্যে এই গছজোপাৰ কৃপাত প্ৰতি দহজনৰ ছয়জনৰেই মুৰ ফাটিছিল। ফৰ্মূটি হিচাপে দলিওৱা শিলগুটি বিলাক খেজুৰৰ লগত বাই ওৱান গেট ওৱান হিচাপে সৰি পৰে আৰু লীডাৰ সকলৰ এচিস্টেণ্ড সকলে খেজুৰ বুটলিবলৈ গৈ মুৰ ফটাব লাগে। লীডাৰ সকলৰ প্ৰতিযোগিতা যিমানেই বাঢ়ে পাঠশালাৰ মুৰ ফটা কেছো সিমানেই বাঢ়ে। আমাৰ শিক্ষা গুৰু সকলে দৈনিক মুৰ ফটা এচিস্টেণ্ড সকলক ডাক্তৰ ককাৰ ওচৰত লৈ যোৱা দৃশ্য আমাৰ বাবে সুলভ আছিল।
এই তিনি জোপা গছ কেতিয়াবাই নিৰ্মূল কৰা হ'ল। আমাৰ মানসত তাৰ সৰাপাতবোৰে কিন্তু এতিয়াও ৰিঙিয়াই থাকে।
Comments
Post a Comment