দিন দৈনন্দিন
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা বাবে অতিশয় আনন্দিত হৈছো। সপ্তাহটোৰ ভিতৰত অসমত দুখনকৈ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাটো অসমীয়া ৰাইজৰ বাবে সুখৱৰ।
আজি অৱশ্যে আন এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ। জীৱনত কেইটামান সাংঘাটিক মুৰ্খামী কৰিছিলোঁ। তাৰ ভিতৰত এইটোও এটা বুলি ক'ব পাৰি।
দেউতাৰ মৃত্যুৰ এমাহমান নহওতেই চাগে মোৰ পৰীক্ষা আৰম্ভ হৈছিল। থিয়ৰিখিনি আগদিনা শেষ হোৱাৰ পাছত সিদিনা অলপ দেৰীকৈ উঠিছিলো। প্ৰেক্টিকেলৰ পৰীক্ষা পিছদিনাৰ পৰা আছে আৰু ক'ত কি বস্তু থৈছিলো এবাৰ সামৰি সুতৰি লও বুলি চাহ কাপ খাই খাই প্ৰেক্টিকেলৰ বহীটো মেলি লৈছিলো। দহ নে চাৰে দহমান বজাত ফোন আহিল সহপাঠী এজনৰ। সি ভাল নে বুলি সুধি ক'লে তুমি চাৰৰ লগত কথা পাতি লোৱাচোন। মই আচৰিত হ'লো, চাৰে মোৰ লগত কথা পাতিব বিচাৰিছে যে? চাৰ বুলি মাত দিলোঁ। তই কি কৰি আছ'? চাৰে আমাক তই বুলি মাতিছিল। মই ক'লো চাৰ চাহ খাই পঢ়িব বহিছো।চাৰে দেৰীকৈ উঠিলে গালি পাৰে আৰু বহু বাৰ তেওঁৰ গালি পাই থৈছোঁ বা দেৰীকৈ উঠাৰ কথাটো নকলো।চাৰে মৰমেৰে ক'লে আজি তোৰ পৰীক্ষা আছিল যে পাহৰিলি নেকি? মই দুই মিনিটৰ বাবে বোবা। তাৰ পিছত বেৰত আঁৰি থোৱা ৰুটিনত চকু দি ক'লো, চাৰ পৰীক্ষা কাইলৈহে আছে। পিছৰ দুই মিনিটত চাৰে মাত্ৰ বুজালে যে মোৰ প্ৰেক্টিকেলৰ বহীটো লৈ যিমান সোনকালেই পাৰোঁ বিভাগত আহি উপস্থিত হ'ব লাগে।
ধুমুহাৰ গতিত কাপোৰ পিন্ধি, বেগটোত যি পাৰো তাকে ভৰাই বিভাগ পালোঁহি। গা ধোৱা, মুখত ক্ৰিম আদি সনাটো দূৰৰ কথা মুৰটোকে ফণীওৱা নাছিলোঁ সিদিনা। তলত এজনী মেডাম লৈ আছিল। মোক বুজালে যে চিন্তা কৰিব নালাগে, প্ৰয়োজন হ'লে অতিৰিক্ত সময় মোক দিব। ডাঙৰ কথাটো হৈছে যে ইতিমধ্যে মৌখিক সাক্ষাৎকাৰ আৰম্ভ হৈ গৈছে। মোৰ নামটো প্ৰথম তিনি জনৰ ভিতৰতে পৰে। দ্বিতীয় গৰাকীৰ সাক্ষাৎকাৰ আৰম্ভ হৈ গৈছে। মেডামে নিজেই মোৰ বেগটো লৈ সাক্ষাৎকাৰৰ বাবে প্ৰয়োজনীয় বস্তুখিনি হাতত দি মোৰ মুখখন এবাৰ থিক কৰি আহিবলৈ ৱাছৰুমটো দেখুৱাই দিলে। ইতিমধ্যে মোৰ পাল পৰিলেই। মেডামে মোক যাবলৈ ইংগিত দি নিজেই মোৰ বস্তুখিনি মোৰ আসনত থ'লেগৈ।
এইবাৰ আৰম্ভ হ'ল সাক্ষাৎকাৰ। প্ৰথম দুটা মান প্ৰশ্নৰ উত্তৰ হোৱাই নোহোৱাই দি নিজক অকনমান সংযত কৰি ল'ব লৈ চেষ্টা কৰিলোঁ। হঠাৎ তেখেতে ইক'চিষ্টেম আদিৰ বিষয়ে সুধিবলৈ আৰম্ভ কৰে। কথাখিনি আগুৱাই গৈ গৈ মানাহ পালেগৈ। তেখেতে সুধিলে তুমি কেতিয়াবা মানাহ গৈছা নে?
মই তপৰাই উত্তৰ দিলোঁ হয় চাৰ , মাত্ৰ তিনি মাহ বয়সতে মই মানাহত গৈছিলো , তাৰ পিছত যোৱা নাই। তেখেতে ধেমালি কৰা বুলি আকৌ সুধিলে। ময়ো উত্তৰ দিলোঁ হয় চাৰ। মই গৈছো । মোৰ তিনি মাহ বয়সতে মা দেউতাৰ লগত মানাহত পিকনিক খাবলৈ গৈছিলো। প্ৰমাণ দিবলৈ ফটো নাই, কিন্তু সৰুৰে পৰা মাৰ লগতে ওচৰ চুবুৰীয়াৰ মুখত শুনি আহিছোঁ। মোৰ গম্ভীৰ উত্তৰ শুনি তেওঁ কিছু সময় ৰল আৰু আন প্ৰশ্নৰ অৱতাৰণা কৰিলে।
জীৱনৰ শেষ দিনলৈ হয়তো এই অভিজ্ঞতা নাপাহৰো। কাৰণ মোক প্ৰশ্ন কৰা মানুহ জন আছিল সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক অৱনী ভাগৱতী চাৰ আৰু ঘৰৰ পৰা মাতি নি পৰীক্ষা দিয়াই পাছ কৰোৱা মানুহ জন আছিল কটন কলেজৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ভৱেন কলিতা চাৰ। মেডাম বৰ্ণালী গগৈ এতিয়া হয়তো কটন কলেজৰ, বিশ্ববিদ্যালয়ৰ মুৰব্বী পদত অধিষ্ঠিত হৈছে।
আটাই কেইজনৰে সুস্বাস্থ্য কামনা কৰিলো এই সুযোগতে।
Comments
Post a Comment