মনৰ বিহু কবিতা

বহাগ মাহৰ এটি দুপৰীয়া
আম কলিৰ বিয়া
কঠালৰ মুচিয়ে বোলে এই চেগতে
নাম এফাঁকিকে গোৱা।
বৰ্হমথুৰিৰ আগটোও যে
লাজতে ৰঙা পৰি যায়
কপৌফুলে ওৰণী টানি
লাহেকৈ মিচিকিয়াই।
কেতেকী মাহীৰ বিদায় বেলাত
চকুযুৰি তলবল
কনামুচৰীও সেইসময়তে আহি
কৰেহি উখলমাখল।
বগলী বায়ে মাছৰ জোল
বিলাই পাতে পাতে
লেতেকুৰ মাকে সাউতকে আহি
পানী খাই ঘোটে ঘোটে।
বকুল বনত নাহৰ বুঢ়াৰ
জীয়েক তগৰৰ বিয়া
জেতুকী বায়ে মছলা দিছে
হাতে হাতে লোৱা।।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)