পৰিবেশ দিৱস

পৰিবেশ দিৱস গ'ল যদিও মোৰ বাবে দিৱস নহয় দৈনন্দিনহে। গতিকে আজি দুটা কথা মনত আহিছে, সংগতি নাই দুয়োটাৰ মাজত, তথাপিও উল্লেখ কৰিলোঁ।
সৰুতে বুলি নকৈ এটা বয়সলৈকে বুলি কম, কাৰণ মোৰ মনত নাই সঠিকভাৱে। যাহক, এটা বয়সলৈকে গুৱাহাটী যাব লগা হলে মই ড্ৰাইভাৰৰ পিছত বা সোঁফালৰ চিটতহে( যদিহে পাওঁ সৌভাগ্যক্ৰমে, কাৰণ সেয়াও বিৰল পৰিঘটনাৰ দৰেই আছিল) বহিছিলোঁ। অন্যথা থিয় হৈ গ'লেও মোৰ আপত্তি নাই। কাৰণ এটাই। চেকপোষ্ট পাৰ হৈ জালুকবাৰী হৈ আদাবাৰীৰ ৰেলৱে ওভাৰব্ৰীজখন নোপোৱালৈকে এই প্ৰায় বিছ কিলোমিটাৰ দূৰত্বত সগৌৰৱে জিলিকি থকা কৃষ্ণচূড়া কেইজোপা। তেতিয়া বাইকৰ সংখ্যা বৰ বেছি নাছিল আৰু কাচিৎ ৰাস্তাৰ দাতিত দুই এখন বাইক ৰখাই কোনোবা প্ৰেমিকযুগলে সেই ৰঙা ৰঙৰ আস্বাদন উপভোগ কৰিছিল। তেতিয়া কিন্তু গুপুতে ময়ো ভাবিছিলো, এদিন কাৰোবাৰ বাইকত উঠি এই ৰঙা ৰঙৰ মাজত হেৰাই যাম। 😃😃😃😃। সুবিধা বহুত পালোঁ, বাইক নালাগে প্ৰতি ছেকেণ্ডত পাৰ হৈ যোৱা টেম্পো বা সৰু বৰ সকলো গাড়ীয়েই আজিৰ দিনত সেইখিনি ঠাইত কোনোবাই নামিব বিচাৰিলে নমাই দিব। পিছে আজি আৰু কৃষ্ণচূড়াৰ সেই মেজিক নাই।সেই ঠাই টুকুৰাত এতিয়া দুই এডাল গছ পোৱা যায় যদিও কৃষ্ণচূড়াৰ ৰঙা জুই নিৰ্বাপিত হ'ল ক'লা সাপৰ দৰে পৰি থকা চাৰিলেনযুক্ত পথৰ দ্বাৰা। আজি ইমান বছৰে বনবিভাগে এই বিশ কিলোমিটাৰ পথত বিশডাল গছো ৰোপণ কৰা দেখা নাই।😢😢😢

এতিয়া আহো আনটো স্মৃতিৰ ৰহঘৰালৈ। এবাৰ কিবা কামত পুণেৰ পৰা মুম্বাই অভিমুখে লোকেল ট্ৰেইনত যাত্ৰা কৰিছিলোঁ। ঘটনাটো আজিৰ পৰা চাগে দহ বছৰ মান আগৰে। শিৱাজী নগৰ ষ্টেচনৰ পাছত খড়কি বুলি এটা সৰু ষ্টেচন আৰু তাৰ পৰা লোনাবালা পোৱাৰ আগতে তলেগাও বুলি আন এটা সৰু ষ্টেচন আছে। দূৰত্ব কমেও বিশৰ পৰা ত্ৰিশ কিলোমিটাৰ হ'ব লাগে। এই গোটেই পথচোৱা মোক আচৰিত কৰি থৈ আছিল হালধীয়া নাৰ্জী ফুলবোৰে। কোনোবাই ইচ্ছাকৃতভাৱে ৰোপন কৰা নে নিজেই গজি উঠা নাজানো, কিন্তু এই গোটেই পথচোৱা ৰেলৰ আলিৰ কাষে কাষে হালধীয়া নাৰ্জী ফুলবোৰে খিলখিলাই হাঁহি আছিল।

জীৱনত বহু দেখিলোঁ, শুনিলো। কিন্তু সেই ৰঙা জুই আৰু হালধীয়া দলিচা খন মোৰ মন মগজুৰ পৰা কেতিয়াও মচ নাখাব।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)