বাটৰ হাট
কন খুড়াই ভগা চাইকেলেৰে
পোনালে বাটৰ হাট
ধন দদাই মোনা দুখন ভৰ্তি
তৎ নাইকীয়া গাত।
বাৰীৰ শাক পাচলি
নাৰিকল দুযোৰ আৰু তামোল-পাণ
দুল খুড়াৰ পাচিত আকৌ
ঠাই নাইকীয়া এডোন।
পল ককাৰ বাৰীত বোলে
লোমালোমে লাগিছে কল
আইতাৰহে বোলে গোমোঠা মুখ
এচিকুট নাই দেখোন নিমখ তেল।
বাটৰ হাটত সকলোৱে
আনিছে ভাড় কঢ়িয়াই
সোণটোৰ পিতাকে বোলে
স্কুটাৰত চিলিণ্ডাৰ কঢ়িয়ায়।
ৰমেন দাদাৰ হাঁহ বোলে
কেৰেচীয়া জাতৰ
হাঁহকনী, বতাৰ কনী লৈ যোৱা
খাবলৈ হ'ব জোখৰ।
কুঁহিয়াৰ, অমিতা, ৰঙালাউ
আৰু তামোল-পাণ
বৃন্দাবন বৰদেউতাৰ
আজি হেনো হৰষিত মন।
পঘা আৰু পৰঙিজাল
পাচিত পৰেশ মামাৰ
বাটৰ হাটৰ সকলোবোৰ
কিমান যে অধীৰ।
ধনীৰাম পোহাৰীয়ে মেলিলে
সৰু মাছৰ মেলা
সোণমইনাৰ চকুত জিলিকে
গজা চিঙৰা আৰু গোল্লা।
ডাঙৰ চিলিম, পাত চাধা
গোবিন্দৰ দোকানত পাব
কমলাৰ দোকানৰ মিঠৈ আৰু
এঠা দৈ লৈ যাবা।
ডাকিৰ ডাকত সকলোৱে
বজাৰ সামৰে
বাটৰ হাটৰ গুৰুবৰীয়া বজাৰ
সকলোৱে মিলা প্ৰীতিৰে কৰে।
Comments
Post a Comment