অনুগল্প :: ৫১: নিৰ্মালি
মন্দিৰটোৰ চৌদিশে প্ৰদক্ষিণ কৰা হৈছিলহে মাথো, সন্মুখত পৰি ৰোৱা এপাহি নাৰ্জী ফুল দেখি ৰৈ গ'ল ৰীতি। আলফুলকৈ ফুল পাহ হাতত লৈ মন কৰিলে পাহটোৰ এফালে অলপ মৰহি গৈছে। হয়তো বা কাৰোবাৰ গচক পৰি তেনেকুৱা হৈছে। সযতনে ফুল পাহ উঠাই আনি ওচৰত থকা ডাষ্টবিনটোত পেলাই দিলে। তাৰপিছত মন্দিৰটো পুনৰ প্ৰদক্ষিণ কৰিবলৈ আহি বাঢ়ি গ'ল। দ্বিতীয়বাৰ প্ৰদক্ষিণ সম্পূৰ্ণ হোৱাৰ পাছত দেখিবলৈ পালে আন এগৰাকী ভক্তই তাইৰ দৰেই পৰিত্যক্ত নাৰ্জী ফুলৰ পাহ এটিক ঠিকনা দিছে। ফুলপাহ সজীৱ হঁওক বা মৰহা, কোনেও তাক আৰু শিৰত ধাৰণ নকৰে। অসাৱধানতা বা অন্য যি কাৰণত নহওঁক, মন্দিৰৰ পৰিত্যক্ত নিৰ্মালিৰো কিন্তু স্থান, পৰিসৰ সীমিত। মন্দিৰৰ ঘন্টাটোত শেষ বাৰৰ বাবে বজাই ৰীতি ওলাই আহিল। মন্থনৰ প্ৰস্তাৱটো গ্ৰহণ নকৰাই ভাল হ'ব। বিয়াৰ দুমাহ পিছতেই বিধৱা হোৱা ৰীতিক মন্থনৰ ঘৰখনেও মজিয়াত পৰা নিৰ্মালিৰ দৰেই পৰিত্যক্ত বুলি ঘোষণা কৰা কথাটো জনাৰ পাছতো, তাৰ সৈতে নতুনকৈ সংসাৰ গঢ়াৰ সপোন দেখাটো ভুল হ'ব।
Comments
Post a Comment