প্ৰতীক্ষাৰ দুপৰীয়া
প্ৰতীক্ষাৰ দুপৰীয়া
তোমালৈ লিখা চিঠিবোৰ ডাকত দিয়াই নহ'ল।
তোমাৰ চকুত চকু থৈ কʼম বুলি ভবা কথাবোৰো
বতাহত বিলীন হৈ গ'ল।
এতিয়া যে ভৰ দুপৰ, হাততো সময় তাকৰ,
এপৰ ৰʼবলৈ, এষাৰি গুণগুণাবলৈ।
ডাকবাকচত জানো চকু পৰে তোমাৰ?
চিঠি বোৰ পঢ়িবা জানো? চকুৰ ভাষা বুজি পাবানে? বতাহজাকে পাৰিবনে শাঁত পেলাবলৈ হিয়া?
থাঁওক দিয়া দূৰতেই, অনুভৱী আলিঙ্গনবোৰ
নিয়ৰকণাৰ দৰেই ক্ষন্তেকীয়া তোমাক পোৱাৰ হেঁপাহবোৰ।।।
Comments
Post a Comment