বিকল্প

ৰথীনে ট্ৰলিটো থেলি থেলি ওলাই গ'ল। জপনাখন লগোৱা সময়ত এবাৰ তাই লৈ চাই মৃদু হাঁহি এটা মাৰি গাড়ীত বহিল। দুৱাৰ খন লগাই কিছু সময় ইটো সিটো ঘৰুৱা কামকাজত ব্যস্ত হৈ থাকিল ভাৱনা। ৰথীনে মাহটোত দুই তিনিটা ট্যুৰত যাবলগীয়া হয়। তাৰ ট্যুৰত থকা দিনবোৰত ল'ৰা ছোৱালী হালে যথোচিত গুৰুত্ব নাপাব বুলি ভাবি তাই চাকৰি এৰি সৰু ডিপাৰ্টমেন্টেল দোকান এখন খুলি লৈছিল। যোৱা দুটা বছৰ পৰাপক্ষত মিলাই চলিবলৈ চেষ্টা কৰি আহিছে তাই। আজি ছমাহ মানৰ পৰা ট্যুৰৰ পৰা ঘুৰি অহা ৰথীনৰ গাত বেলেগ সুবাস পোৱাৰে পৰা সচকিত হৈ পৰিছে ভাৱনা। সুধিম বুলিও যেন ক'ৰবাত ৰৈ যাবলগীয়া হয়, অচিন ভয়ে চেপি ধৰে তাইক।
আজি দুমাহ মানৰ পৰা মানুহজনে বজাৰ খিনি তাইৰ দোকানৰ পৰা কৰি আছে। সঘনাই অহা-যোৱা কৰাৰ বাবে অলপ চিন্তা নোহোৱাকৈ থকা নাছিল তাইৰ। কফি একাপ খোৱাৰ বাবে দিয়া প্ৰস্তাৱটোত তাই চিধাই মানা কৰি দিলে। ৰথীনে বিকল্পৰ সন্ধান কৰিলে বুলিয়েই তাই আনক বিকল্প হিচাপে গ্ৰহণ কৰিব নোৱাৰে। চিধা কথা তাইৰ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)