পৰিক্ৰমা
পৰিক্ৰমা
এনেকৈয়ে পাৰ কৰিলোঁ সুদীৰ্ঘ দিন আৰু ৰাতিৰ মায়াজাল
জীৱনৰ প্ৰথম অধ্যায়টোৰ আবেদন এতিয়াও প্ৰৱল, দুৰন্ত, অৰ্বাচীন
তোমাৰ নাম আৰু সেই এক্ষন্তেকীয়া
ইতিহাসৰ পৃষ্ঠাবোৰত
বাৰে বাৰে লুটি বাগৰি চাও
যʼত তোমাৰ অনুভৱেই যথেষ্ট,
মন মগজুক সতেজ সুগন্ধিত কৰি ৰাখিবলৈ
জীপাল কৰি ৰাখে যি জেঠটো দূৱৰিডৰা
দীপালী কৰে সি ৰাতিৰ অন্ধকূপ
উশাহ এতিয়াও লৈ আছোঁ
দিনটোত কেবাবাৰো আৰ পাৰ কৰিলোঁ
হিমালয়ৰ গহ্বৰৰ আহ্বান।
আচলতে এমুঠি একান্ত মুহুৰ্তই বহুত,
সুদীৰ্ঘ দিন আৰু ৰাতিৰ মায়াজাল কাটিবলৈ।
Comments
Post a Comment