অপূৰ্ণতাৰ পূৰ্ণতা
অপূৰ্ণতাৰ পূৰ্ণতা
" পৰ জনমৰ শুভ লগনত..."
মিচিকিয়াই পাহাৰে ক'লে
ৰৈ যোৱা নহ'লে বৈ যোৱা
মুঠতে মোৰ হৈ যোৱা
কিমান দূৰ যাবাগৈ
ক'ত জিৰাবাগৈ
মোৰ বুলি প্ৰমাণ দি যোৱা
জীৱনৰ শেষবেলাটোত
মোৰেই হৈ যোৱা
ইহজনমতেই লিখা সেই অবিনাশী গান
ক'ত ঝৰ্ণা নদী নিজৰাই গাব জুৰিব সেই তান
সাগৰেও বুজে তোমাৰ মোৰ প্ৰেমগাঁথা
সেয়ে মালিতা সাজি তোমাক মোলৈকে উৰুৱাই
মোৰ হিয়াৰ অপূৰ্ণ আশা
আহা আকৌ এবাৰ জীয়াও।
Comments
Post a Comment