স্বগতোক্তি::: বন্ধু

স্বগতোক্তি::: বন্ধু

সময়, পৰিবেশ আৰু ঘটনাৰ আওতাভুক্ত হৈ বহু মানুহ আহিল এই সৰু ষ্টেচনটোত। ভিৰ টুটা বঢ়া হৈয়েই থাকিব বুলি ভাবিছিলো। পিছে ধাৰণা ভুল প্ৰমাণিত হ'ল। লুকাভাকু খেলা দিনৰ বন্ধু বোৰ উটি ভাহি গ'ল। কিতাপৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু পোক পৰুৱাৰ আক্ৰমণো। তাৰ পিছত সমস্যাবহুল জীৱনৰ প্ৰতিটো সন্ধিয়া অনুভূত হয় কাৰ আত্মীয়তাৰ ঢৌ কিমান উচ্চ। পৰিহাস।!!! জেপৰ ওজন আৰু বিলাবলৈ থোৱা সময়ৰ তৰ্জুত বিক্ৰী হ'ল বহু। এতিয়া আৰু বুজিবলৈ বাকী নাই ' বিষয় বিষধৰ'' । মনৰ কথা ব্যক্ত কৰিবলৈ লওতে যিদিনাই দ্বিতীয়টো চিন্তাই দেখা দিলে, বুজিলো কোনো নাই আত্মাৰ লগৰী। সকলো মাথোঁ সোতত উটি ভাহি অহা খেৰ কুটা। আশ্ৰয় বুলি ভবাৰ ভুল নকৰিবা।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)