অণুগল্প:: অন্বেষণ

#অণুগল্প:: অণ্বেষণ

আন্ধাৰত দুয়ো ইজনে সিজনক বিচাৰিবলৈ ধৰিলে। অথচ পোহৰ থকালৈকে দুয়ো একেলগে আছিল, চকুৰ সন্মুখতেই। কিন্তু বিচাৰি পোৱা নাছিল। বৰ্তমান দুয়ো মৌন আৰু নিসংগ। পৃথিৱীৰ হালধীয়াবোৰত মগ্ন আছিল দুই সত্বা। এতিয়া আন্ধাৰ। চৌপাশে সিঁচৰতি হৈ আছে স্মৃতি আৰু আকাংক্ষাৰ বীজ। 
 দীঘলীয়া সময় সুৰুয আৰু জ্যোৎস্নাৰ বাবে আছিল বনবাস। সঘণে বদলি হোৱা চাকৰি, পৰিয়ালৰ দায়িত্ব আৰু পিছলৈ সামাজিক দায়িত্বত দুয়োজনেই দুটা মেৰুলৈ যাবলৈ বাধ্য হৈছিল। পিছে আজি সলনি হ'ল প্ৰেক্ষাপট। বৈবাহিক জীৱনৰ একমাত্ৰ সাক্ষী যেতিয়া পথ দুৰ্ঘটনাত আঁতৰি গ'ল, নিচ্ছুপ হৈ পৰিছে দুয়োজন। ব্যস্ততাৰ অজুহাতত মানসিক পৃথিৱীৰ যন্ত্ৰনাবোৰ অব্যক্ত হৈ আছে দুয়োৰে। আজি আন্ধাৰত দুয়ো কাষ চাপি আহিছে। মনৰ কথা বোৰ শুনিবলৈ- শুনাবলৈ, নিজৰ মানসিক অৱস্থিতি মজবুত কৰাৰ তাগিদাত।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)