Posts

অণুগল্প:: অন্বেষণ

#অণুগল্প:: অণ্বেষণ আন্ধাৰত দুয়ো ইজনে সিজনক বিচাৰিবলৈ ধৰিলে। অথচ পোহৰ থকালৈকে দুয়ো একেলগে আছিল, চকুৰ সন্মুখতেই। কিন্তু বিচাৰি পোৱা নাছিল। বৰ্তমান দুয়ো মৌন আৰু নিসংগ। পৃথিৱীৰ হালধীয়াবোৰত মগ্ন আছিল দুই সত্বা। এতিয়া আন্ধাৰ। চৌপাশে সিঁচৰতি হৈ আছে স্মৃতি আৰু আকাংক্ষাৰ বীজ।   দীঘলীয়া সময় সুৰুয আৰু জ্যোৎস্নাৰ বাবে আছিল বনবাস। সঘণে বদলি হোৱা চাকৰি, পৰিয়ালৰ দায়িত্ব আৰু পিছলৈ সামাজিক দায়িত্বত দুয়োজনেই দুটা মেৰুলৈ যাবলৈ বাধ্য হৈছিল। পিছে আজি সলনি হ'ল প্ৰেক্ষাপট। বৈবাহিক জীৱনৰ একমাত্ৰ সাক্ষী যেতিয়া পথ দুৰ্ঘটনাত আঁতৰি গ'ল, নিচ্ছুপ হৈ পৰিছে দুয়োজন। ব্যস্ততাৰ অজুহাতত মানসিক পৃথিৱীৰ যন্ত্ৰনাবোৰ অব্যক্ত হৈ আছে দুয়োৰে। আজি আন্ধাৰত দুয়ো কাষ চাপি আহিছে। মনৰ কথা বোৰ শুনিবলৈ- শুনাবলৈ, নিজৰ মানসিক অৱস্থিতি মজবুত কৰাৰ তাগিদাত।

স্বগতোক্তি::: বন্ধু

স্বগতোক্তি::: বন্ধু সময়, পৰিবেশ আৰু ঘটনাৰ আওতাভুক্ত হৈ বহু মানুহ আহিল এই সৰু ষ্টেচনটোত। ভিৰ টুটা বঢ়া হৈয়েই থাকিব বুলি ভাবিছিলো। পিছে ধাৰণা ভুল প্ৰমাণিত হ'ল। লুকাভাকু খেলা দিনৰ বন্ধু বোৰ উটি ভাহি গ'ল। কিতাপৰ সংখ্যা বাঢ়িবলৈ ধৰিলে আৰু পোক পৰুৱাৰ আক্ৰমণো। তাৰ পিছত সমস্যাবহুল জীৱনৰ প্ৰতিটো সন্ধিয়া অনুভূত হয় কাৰ আত্মীয়তাৰ ঢৌ কিমান উচ্চ। পৰিহাস।!!! জেপৰ ওজন আৰু বিলাবলৈ থোৱা সময়ৰ তৰ্জুত বিক্ৰী হ'ল বহু। এতিয়া আৰু বুজিবলৈ বাকী নাই ' বিষয় বিষধৰ'' । মনৰ কথা ব্যক্ত কৰিবলৈ লওতে যিদিনাই দ্বিতীয়টো চিন্তাই দেখা দিলে, বুজিলো কোনো নাই আত্মাৰ লগৰী। সকলো মাথোঁ সোতত উটি ভাহি অহা খেৰ কুটা। আশ্ৰয় বুলি ভবাৰ ভুল নকৰিবা।

অপূৰ্ণতাৰ পূৰ্ণতা

অপূৰ্ণতাৰ পূৰ্ণতা অঘৰী মেঘে পাহাৰৰ চূড়াক ক'লেহি " পৰ জনমৰ শুভ লগনত..." মিচিকিয়াই পাহাৰে ক'লে ৰৈ যোৱা নহ'লে বৈ যোৱা মুঠতে মোৰ হৈ যোৱা কিমান দূৰ যাবাগৈ ক'ত জিৰাবাগৈ মোৰ বুলি প্ৰমাণ দি যোৱা জীৱনৰ শেষবেলাটোত মোৰেই হৈ যোৱা ইহজনমতেই লিখা সেই অবিনাশী গান ক'ত ঝৰ্ণা নদী নিজৰাই গাব জুৰিব সেই তান সাগৰেও বুজে তোমাৰ মোৰ প্ৰেমগা‌ঁথা  সেয়ে মালিতা সাজি তোমাক মোলৈকে উৰুৱাই মোৰ হিয়াৰ অপূৰ্ণ আশা আহা আকৌ এবাৰ জীয়াও।

পৰিক্ৰমা

পৰিক্ৰমা এনেকৈয়ে পাৰ কৰিলোঁ সুদীৰ্ঘ দিন আৰু ৰাতিৰ মায়াজাল  জীৱনৰ প্ৰথম অধ্যায়টোৰ আবেদন এতিয়াও প্ৰৱল, দুৰন্ত, অৰ্বাচীন তোমাৰ নাম আৰু সেই এক্ষন্তেকীয়া   ইতিহাসৰ পৃষ্ঠাবোৰত বাৰে বাৰে লুটি বাগৰি চাও  যʼত তোমাৰ অনুভৱেই যথেষ্ট,  মন মগজুক সতেজ সুগন্ধিত কৰি ৰাখিবলৈ জীপাল কৰি ৰাখে যি জেঠটো দূৱৰিডৰা দীপালী কৰে সি ৰাতিৰ অন্ধকূপ উশাহ এতিয়াও লৈ আছোঁ দিনটোত কেবাবাৰো আৰ পাৰ কৰিলোঁ হিমালয়ৰ গহ্বৰৰ আহ্বান। আচলতে এমুঠি একান্ত মুহুৰ্তই বহুত,  সুদীৰ্ঘ দিন আৰু ৰাতিৰ মায়াজাল কাটিবলৈ।

বিকল্প

ৰথীনে ট্ৰলিটো থেলি থেলি ওলাই গ'ল। জপনাখন লগোৱা সময়ত এবাৰ তাই লৈ চাই মৃদু হাঁহি এটা মাৰি গাড়ীত বহিল। দুৱাৰ খন লগাই কিছু সময় ইটো সিটো ঘৰুৱা কামকাজত ব্যস্ত হৈ থাকিল ভাৱনা। ৰথীনে মাহটোত দুই তিনিটা ট্যুৰত যাবলগীয়া হয়। তাৰ ট্যুৰত থকা দিনবোৰত ল'ৰা ছোৱালী হালে যথোচিত গুৰুত্ব নাপাব বুলি ভাবি তাই চাকৰি এৰি সৰু ডিপাৰ্টমেন্টেল দোকান এখন খুলি লৈছিল। যোৱা দুটা বছৰ পৰাপক্ষত মিলাই চলিবলৈ চেষ্টা কৰি আহিছে তাই। আজি ছমাহ মানৰ পৰা ট্যুৰৰ পৰা ঘুৰি অহা ৰথীনৰ গাত বেলেগ সুবাস পোৱাৰে পৰা সচকিত হৈ পৰিছে ভাৱনা। সুধিম বুলিও যেন ক'ৰবাত ৰৈ যাবলগীয়া হয়, অচিন ভয়ে চেপি ধৰে তাইক। আজি দুমাহ মানৰ পৰা মানুহজনে বজাৰ খিনি তাইৰ দোকানৰ পৰা কৰি আছে। সঘনাই অহা-যোৱা কৰাৰ বাবে অলপ চিন্তা নোহোৱাকৈ থকা নাছিল তাইৰ। কফি একাপ খোৱাৰ বাবে দিয়া প্ৰস্তাৱটোত তাই চিধাই মানা কৰি দিলে। ৰথীনে বিকল্পৰ সন্ধান কৰিলে বুলিয়েই তাই আনক বিকল্প হিচাপে গ্ৰহণ কৰিব নোৱাৰে। চিধা কথা তাইৰ।

আকাংক্ষা

মই বহাগৰ পথাৰ৷ৰিমঝিম বৰষাৰ অপেক্ষাৰত৷ চিৰাল ফটা মাটিত সজীৱ হব আশাৰ বীজ৷ বৰদৈচিলাৰ নাচোন হলেও হওক৷ মাথোঁ মিলন হওক মেঘ আৰু মাটিৰ৷

বিৰাগ

অনুগল্প:: বিৰাগ ৰাজীৱৰ ফোনটো কাট হৈ  গ'ল। সুস্থিৰ হৈ উশাহ ল'বলৈ চেষ্টা কৰিলে মন্দিৰাই। দীঘলকৈ নিশাহটো এৰি পাহৰিবলৈ চেষ্টা কৰিলে, আকৌ এবাৰ, সেই ৰাতিটোৰ কথা। মাকৰ সৈতে কাজিয়া কৰি ৰাজীৱৰ লগতেই জীৱনটো কটাম বুলি ওলাই আহিছিল তাই। বাৰান্দাত ভৈৰৱীৰ দেউতাকৰ স্পষ্ট উদ্ধৃতি, " বিয়াখন তেনেহলে গুৱাহাটীতেই পাতিম দিয়া, মন্দিৰাহতৰ পৰিয়ালৰ পৰা লুকুৱাই ৰাখিবা"। সাত বছৰৰ মূৰত ৰাজীৱে মেচেজ কৰিছে, ভৈৰৱীৰ লগত নোৱাৰি, তুমি এবাৰ আকৌ ঘুৰি আহা। তাৰপিছত উপৰ্যুপৰি ফোন। মন্দিৰা নিশ্চুপ, কাৰণ তাইৰ কাণত সেই গধূলিটোত ৰাজীৱৰ " হ'ব" বোলা কথাষাৰ এতিয়ালৈকে বাজি আছে।

প্ৰতীক্ষাৰ দুপৰীয়া

প্ৰতীক্ষাৰ দুপৰীয়া তোমালৈ লিখা চিঠিবোৰ ডাকত দিয়াই নহ'ল। তোমাৰ চকুত চকু থৈ কʼম বুলি ভবা কথাবোৰো বতাহত বিলীন হৈ গ'ল। এতিয়া যে ভৰ দুপৰ, হাততো  সময় তাকৰ, এপৰ ৰʼবলৈ, এষাৰি গুণগুণাবলৈ। ডাকবাকচত জানো চকু পৰে তোমাৰ? চিঠি বোৰ পঢ়িবা জানো? চকুৰ ভাষা বুজি পাবানে? বতাহজাকে পাৰিবনে শাঁত পেলাবলৈ হিয়া?  থাঁওক দিয়া দূৰতেই, অনুভৱী আলিঙ্গনবোৰ নিয়ৰকণাৰ দৰেই ক্ষন্তেকীয়া তোমাক পোৱাৰ হেঁপাহবোৰ।।।